বান–খহনীয়া সমাধানৰ অধ্যাদেশ গৃহীত হ’ব সংসদৰ আগন্তুক অধিৱেশনত: মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ পুঠিমাৰী নৈৰ দ্বাৰা ক্ষতিগ্রস্ত শ’লমাৰী অঞ্চল পৰিদর্শন কৰে আৰু ক্ষয়–ক্ষতিৰ বুজ লয়৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে ৰঙিয়াৰ টি টি কলেজত স্থাপন কৰা সাহায্য শিবিৰ পৰিদর্শন কৰি ইয়াত থকা বান ক্ষতিগ্রস্তসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকে লাভ কৰা সাহায্যৰো বুজ লয়৷ মুখ্যমন্ত্রীয়ে লগতে সাহায্য সামগ্রীসমূহৰ গুণাগুণো নিৰীক্ষণ কৰে৷ ইয়াৰ পিছতে সাংবাদিকৰ লগত হোৱা কথা–বতৰাৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে সাম্প্রতিক বানত ৰাজ্যখনৰ ২৭খন জিলা ক্ষতিগ্রস্ত হৈছে আৰু ইয়াৰ ফলত কেইবাগৰাকীও লোকে প্রাণ হেৰুওৱাৰ লগতে সা–সম্পত্তি বিনষ্ট হৈছে৷ পুঠিমাৰী নৈৰ বান আৰু গৰাখহনীয়াৰ ফলত ৰঙিয়া মহকুমাৰ এক বিস্তীর্ণ অঞ্চলৰ ব্যাপক ক্ষতি হোৱাটো ৰাজ্য চৰকাৰে গভীৰভাৱে উপলব্ধি কৰিছে৷বগৰীবাৰীত পুঠিমাৰী নৈৰ ভঙা অংশ তৎকালে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নির্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ বাবে ইতিমধ্যে পুঁজিও মুকলি কৰি দিয়া হৈছে৷
অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে আন্তৰিকতাৰে গুৰুত্ব প্রদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে নিটি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠন কৰা উচ্চ পর্যায়ৰ কমিটীয়ে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দিশত সহায়ক হোৱাকৈ উত্তৰ–পূব বান ব্যৱস্থাপনা প্রাধিকৰণ গঠন কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ এই সংক্রান্তীয় এখন অধ্যাদেশ আগন্তুক সংসদৰ অধিৱেশনত গৃহীত কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰিব আৰু ইয়াৰ ফলত অসমৰ দীর্ঘদিনীয়া বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হৈ উঠিব বুলিও তেওঁ কয়৷ কেন্দ্রীয় চৰকাৰে অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্রত সর্বতোপ্রকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ৰাইজে ক’ভিড–১৯, বানপানী, গৰাখহনীয়া, ধুমুহা, বজ্রপাত, ভূমিস্খলন, বাঘজানৰ অগ্ণিকাণ্ড আদি কেইবাটাও সমস্যাৰ লগত যুঁজ দিবলগীয়া হৈছে৷ এইপ্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দিশত জনসাধাৰণে আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে আজি দৰং জিলাৰ মঙলদৈ ৰাজহ চক্রৰ অধীনত বানপানীয়ে ক্ষতিগ্রস্ত কৰা জনাৰাম চৌকা, শাকতোলা আদি অঞ্চল পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে শাকতোলা আৰু ননৈ নদীৰ মথাউৰি ভঙাৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়াৰ বুজ লয়৷ তেওঁ লগতে শাকতোলা নদীয়ে ক্ষতিগ্রস্ত কৰা মথাউৰি মেৰামতিৰ কামো পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে দৰং জিলাত সাম্প্রতিক বানত ক্ষতিগ্রস্ত হোৱা মথাউৰিসমূহ ততাতৈয়াকৈ নির্মাণ কৰিবলৈ জলসম্পদ বিভাগক নির্দেশ দিয়ে৷
মুখ্যমন্ত্রীয়ে মঙলদৈ মহর্ষি বিদ্যা মন্দিৰত স্থাপন কৰা সাহায্য শিবিৰলৈ গৈ তাত আশ্রয় লৈ থকা লোকসকলৰ সৈতেও মত বিনিময় কৰে৷ আজিৰ এই পৰিদর্শনৰ সময়ত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ লগতে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ ইপিনে, মঙলদৈ ব্লক চ’কৰ কেন্দ্রীয় বিদ্যালয়ক ক’ভিড কেয়াৰ কেন্দ্রলৈ ৰূপান্তৰ কৰাৰ পিছত আজি স্বাস্থ্য ৰাজ্যমন্ত্রী পীয়ূষ হাজৰিকাই মুকলি কৰে৷ দৰঙত ক’ভিডৰ সংক্রমণৰ সমান্তৰালভাৱে স্বাস্থ্য বিভাগে দৰঙত নতুনকৈ এহেজাৰ বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্র নির্মাণৰ সিদ্ধান্ত লৈছে বুলি তেওঁ সদৰী কৰে৷ বিগত সপ্তাহতে মঙলদৈ ব্লক চ’কৰ কেন্দ্রীয় বিদ্যালয়ত ১৫০খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্র নির্মাণ কৰা হৈছিল যদিও আজি মুকলি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ হাজৰিকাই কেন্দ্রটো মুকলি কৰাৰ সময়ত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াসহ দৰঙৰ কেইবাজনো স্বাস্থ্য আৰু প্রশাসনিক বিষয়াই ভাগ লয়৷