নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুন্দীত আছুৰ বিহুনাচ কৰ্মশালাৰ শুভাৰম্ভ

 

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ কামৰূপ জিলাৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত বামুন্দী হাইস্কুল প্ৰাংগনত আজি আছুৰ উদ্যোগত বিহুনাচ কৰ্মশালাৰ শুভাৰম্ভ হয়। প্ৰত্যেক বছৰৰ দৰে এই বছৰো পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বামুন্দী শাখা ছাত্ৰ সন্থাৰ সহযোগত বিহুনাচ কৰ্মশালাত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিহুনাচ কৰ্মশালাটো আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মাই। পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই বামুন্দীত আয়োজন অনুষ্ঠিত কৰা বিহুনাচ কৰ্মশালাই এই অঞ্চলটোৰ নৱ প্ৰজন্মই বিহুৰ প্ৰতি আকৃষ্ট হৈ অঞ্চলটোৰ লগতে সমগ্ৰ অসমতে এটা সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিব পাৰিব ।ছাত্ৰ সন্থাৰ এনে পদক্ষেপৰ কাৰনে ছাত্ৰ সন্থাই সদায়েই অসমীয়া মানুহৰ মাজত হৃদয়ত স্হান পাইছে। বিহুনাচ কৰ্মশালাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা মূখ্য অতিথি হিচাপে উপস্হিত হৈ বিহু অসমীয়া জাতিৰ আয়ুসৰেখা।যিটো সময়ত অসমীয়া জাতিৰ আয়ুসৰেখা ৰঙালী বিহুৰ মাদকতা হ্ৰাস হবলৈ ধৰিছে সেইটো সময়তে আমি ছাত্ৰ সন্থাই অসমীয়া নৱ প্ৰজন্মক বিহুৰ লগত চিনাকি কৰি দিয়াৰ কাৰনে অসমৰ চুকে কোণে এই বিহুনাচ কৰ্মশালাৰ আয়োজন কৰি আহিছো বুলি মন্তব্য প্ৰদান কৰে।
অনুষ্ঠানৰ আৰম্ভণিতেই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক ৰুবুল কলিতাই। উক্ত অনুষ্ঠানটোত উপস্হিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ, প্ৰাক্তন সভাপতি দিবাকৰ কলিতা ,মূখ্য সাংগঠনিক সম্পাদক সুৰজিত কলিতা, ৮৬ নং গাৱঁ পঞ্চায়তৰ সভানেত্ৰী চন্দা কলিতা।গাঁৱখনৰ জেষ্ঠ ব্যক্তি সূৰ্যকান্ত কলিতা, গুৰু প্ৰসাদ শৰ্মা, মাধৱ কলিতা, বীৰেন্দ্ৰ কুমাৰ শৰ্মা, সুবোধ কলিতা জীৱকান্ত শৰ্মা, প্ৰদীপ কুমাৰ কলিতা, অৰুপজ্যোতি কলিতাৰ লগতে কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু ব্যক্তি উপস্হিত থাকে।

দিলীপ মেধি, শুৱালকুছি

You might also like