বাৰিষাৰ পূর্বেই ব্রহ্মপুত্রই উটুৱাই নিলে পার্কুপাইন
নিয়মীয়া বাৰ্তা, ২মেঃ নলবাৰী জিলাৰ বৰক্ষেত্রী বিধানসভা সমষ্টিৰ চৰাঞ্চলৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ প্রতি প্রবল ভাবুকিৰ সৃষ্টি কৰি অহা ব্রহ্মপুত্রৰ গৰাখহনীয়া ৰোধৰ এখন আঁচনিৰ আৰম্ভণিতেই কেণা লাগিছে৷বিগত ১৪ মার্চত প্রায় তিনি কোটিটকীয়া এই আঁচনিখনৰ কামৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই৷ কুৰিহামাৰী দেওবৰীয়া বজাৰত উক্ত কামৰ শুভাৰম্ভ কৰাৰ সময়ত বিধায়ক ডেকাই সদৰী কৰিছিল যে চলিত বিত্তীয় বর্ষত চৰাঞ্চলত থকা তিনিওখন গাঁও পঞ্চায়তে চতুর্দশ বিত্তীয় আয়োগৰ জৰিয়তে লাভ কৰা প্রায় ৩ কোটি টকাৰ প্রথম পর্যায়ত ডেৰ কোটি টকাৰে পার্কুপাইনৰ সহায়ত খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব৷ বৰক্ষেত্রী উন্নয়ন খণ্ডৰ অন্তর্গত এমজিএনৰেগা আঁচনিৰ অধীনত চৰাঞ্চলৰ সোনাবৰ আলী নামৰ এজন বিতর্কিত লোকে বাঁহৰ পাৰকুপাইনেৰে এই কামটোৰ আৰম্ভ কৰিছিল৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে কোনো ধৰণৰ কাৰিকৰী দিহা–পৰামর্শ নোলোৱাকৈ ঠিকাদাৰ ৰূপী সোনাবৰ আলীয়ে নিজ ইচ্ছামতে বাঁহৰ পার্কুপাইন ব্রহ্মপুত্রৰ বুকুত নামমাত্র পুতি দিছিল৷ যাৰ বাবে ব্রহ্মপুত্রৰ ধল অহাৰ পূর্বেই সাধাৰণ পানীৰ সোঁততে পাৰকুপাইনসমূহ উটি যায়৷ অভিযোগ মতে, জিলাখনৰ ভিতৰতে বৃহৎ এই তিনি কোটিটকীয়া আঁচনিখনৰ দায়িত্বত থকা বৰক্ষেত্রী উন্নয়ন খণ্ডৰ ভাৰপ্রাপ্ত খণ্ড উন্নয়ন বিষয়া নেকিবুৰ জামানে সকলো কথা জানিও এই মুহূর্তলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বিষয়াগৰাকীৰ এই মৌনতাত স্বাভাৱিকতে চৰাঞ্চলৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷ চৰাঞ্চলবাসীয়ে উপায়ুক্তক এইক্ষেত্রত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷