বাৰিষাৰ প্ৰথমটো বানতে নলবাৰীৰ উত্তৰ বালিত চিগিল মৰাপাগলদিয়াৰ মথাউৰিঃ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ
নিয়মীয়া বাৰ্তা,১৬ মেঃ বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা মৰা পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে আজি পুৱা নলবাৰী জিলাৰ বৰমা বিধান সমষ্টিৰ অন্তৰ্গত বালি গাঁওৰ উত্তৰ বালি মহাজনপাৰাত চিগি লৈ যায় গাঁঁও পঞ্চায়তে বন্ধা মথাউৰি৷ফলত মথাউৰিৰ পশ্চিমপাৰৰ উত্তৰ বালি,শিয়ালমাৰী, হাৰিভাঙা, বালি, বৰপীত, ভোজকুছি আদি বৃহত্তৰ গ্ৰামাঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে ৷ কাৰণ প্ৰতিবছৰে ভূটান পাহাৰৰ পৰা কোবাল গতিত নামি অহা মৰাপাগলদিয়া নদীৰ বাঢ়নী পানীয়ে নিমিষতে গাঁওসমুহৰ কৃষিভূমি, ঘৰবাৰী,হাঁহ-কুকুৰা, গৰু-ছাগলী আদি উটুৱাই নি গঞা ৰাইজক ত্ৰাহি মধুসুদন দেখুৱাই আহিছে ৷ আনকি মানুহৰ জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ এই নৈখনৰ বলিয়া বানে আজি পুৱাই মৰাপাগলদিয়া নদীৰ সোঁতে উত্তৰ বালি গাঁৱৰ মহাজনপাৰা চুবুৰিৰ ওচৰত মৰাপাগলদিয়াৰ নৈৰ পশ্চিম পাৰৰ মথাউৰিটোৰ প্ৰায় ২০ ফুট অংশ চিগি নিয়াত অকল উত্তৰ বালিয়ে নহয় ইয়াৰ পৰা বাগৰি যোৱা পানীয়ে টিহু ৰাজহ চক্ৰৰ বৃহত্তৰ অঞ্চলত ক্ষতি কৰি আহিছে৷ অঞ্চলটোৰ উত্তৰ বালি , শিয়ালমাৰী, ভয়ৰা , হাৰিভাঙা ,বৰপীত আদিৰ কৃষিভূমি ইতিমধ্যে বানে বুৰাই পেলাইছে৷ তদুপৰি পোহনীয়া গৰু-ছাগলী, হাঁহ-কুকুৰা আদি নিৰাপদে ৰখাৰ ক্ষেত্রতো সমস্যা আহি পৰিছে ৷
প্ৰতিবছৰে এই সমস্যাৰ প্ৰতিকাৰ স্বৰূপে গাওঁ পঞ্চায়তে মথাউৰিটো কৃষিবান্ধ হিচাপে নিৰ্মাণ কৰে আৰু প্ৰতি বাৰিষাতে বাঢ়নী পানীয়ে চিগি নিয়ে৷ ২০২০-২১ বৰ্ষতো টিহু-আখৰা গড়কাপ্তানী পথৰ পৰা উত্তৰ বালিৰ দক্ষিণে থকা ৰেলপথলৈ অংশতো ২৭ লাখ টকা ব্যয় সাপেক্ষে টিহু মথুৰাপুৰ উন্নয়ন খণ্ডৰ পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ দায়িত্বত কৃষিবান্ধ হিচাপে নিৰ্মাণ কৰিছিল৷ কিন্তু বছৰটোৰ প্ৰথম বানতে মথাউৰি চিগি নৈপৰীয়া ৰাইজক বিপৰ্যস্ত কৰি তুলিলে৷ মথাউৰি বা কৃষিবান্ধ নিৰ্মাণৰ ক্ষেত্রত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সুপৰিকল্পিত আঁচনিৰ অভাৱতে মৰাপাগলদিয়াৰ মথাউৰিৰ এই অংশটো বাৰেবাৰে চিগি অঞ্চলবাসীক বিপদত পেলাই আহিছে ৷আমাৰ কাকতত এই সমস্যাটোৰ বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাত পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্রী ,স্থানীয় বিধায়ক , উপায়ুক্ত আদিয়ে ভগ্ন মথাউৰি পৰিদৰ্শন কৰি শীঘ্ৰে সমাধানৰ আশ্বাস দিছিল যদিও উত্তৰ বালিৰ মথাউৰি আৰু বানপানী সমস্যাৰ একো সমাধান নহ’ল ৷ এতিয়া ঈশ্বৰক ভৰষা কৰি মৰণত শৰণ দি জীৱন যাপন কৰাৰ বাহিৰে উত্তৰ বালিৰ ৰাইজৰ অন্য উপায় নাই৷ কাৰণ ঈশ্বৰেহে জানে কেতিয়া ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্রী তথা জলসম্পদ বিভাগে উত্তৰ বালিৰ বান সমস্যা সমাধানৰ বাবে হাতেকামে ব্যৱস্থা ল’য়৷
প্ৰেৰকঃ শৈলেন বৰ্মন,কৈঠালকুছি