বিজনীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
নৰ্থ ইষ্ট মিলিটাৰী স্কুললৈ ১ কোটি ৯০ লাখ টকা NRL ৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আজি এনআৰএল আৰু নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ মাজত চুক্তি স্বাক্ষৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী। অসমৰ ভিতৰতে আগশাৰীৰ সৈনিক স্কুল হিচাপে পৰিগণিত কৰাৰ লক্ষ্যৰে NRL ৰ তৰফৰ পৰা বিজনীৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ অত্যাধুনিক ছাত্ৰাবাস নিৰ্মাণৰ বাবে আগবঢ়ায় এই বৃহৎ পৰিমাণৰ ধনৰাশী। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তেলীয়ে নৰ্থ ইষ্ট মিলিটাৰী স্কুলত হোষ্টেলৰ ভাল সুবিধা থাকিলে বাহিৰৰ লৰা-ছোৱালী আহিব ফলত স্কুলখন আগুৱাই যাব বুলি মন্তব্য কৰে। চৰকাৰে প্ৰাথমিক বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত চৰকাৰে বহুত টকা খৰচ কৰাৰ পিছতো শিক্ষাৰ মানদণ্ড বহুত তলত সেয়ে চৰকাৰে এনেবোৰ বিদ্যালয় বন্ধ কৰাৰ বাবে বাধ্য হৈছে বুলি মন্তব্য কৰে।
ইয়াৰপাছতে মন্ত্ৰী তেলীয়ে কয় যে বঙাইগাঁও ৰিফেইনাৰিখন 2.7 মিলিয়ন মেট্ৰিকটনৰ ৰিফেইনাৰি হয়। ইয়াক 5 মিলিয়ন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে আৰু ২৫ চনৰ ভিতৰতে এই সকলোবোৰ সিদ্ধান্ত লোৱাৰ বাবে দাবী জনোৱা হৈছ বুলি উল্লেখ কৰে। নুমলিগড় ৰিফেইনাৰি 3 মিলিয়নৰ পৰা 9 মিলিয়ন কৰা হৈছে। বাহিৰৰ পৰা তেল আনি হলেও ৰিফেইনাৰি বোৰ বৰ্দ্ধিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২৩ চনত নুমলিগড়ত বাঁহৰ প্ৰকল্পটো সম্পূৰ্ণ হ’ব। খেতিয়ক সকল উপকৃত হ’ব। সেইকাৰণে ফিনলেণ্ডৰ পৰা এটা টেকনোল’জি অনা হৈছে। য’ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা হ’ব।
উক্ত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাক্ষত অনুষ্ঠিত এই চুক্তি স্বাক্ষৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰিও বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, জিলা উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, NRL ৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, GM প্ৰাঞ্জল শইকীয়া , বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী,উপস্থিত থাকে। উক্ত সভা খনৰ সভাপতিত্ব কৰে প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ।