বিজিআৰৰ সতৰ্কতা সজাগতা সপ্তাহৰ সফল সামৰণি
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই উদ্যোগটোত কৰ্মৰত কৰ্মচাৰী সকলৰ মাজত অখণ্ডতা, সততা আৰু স্বচ্ছতা বৃদ্ধিৰ লক্ষ্যৰে পালন কৰা সতৰ্কতা সজাগতা সপ্তাহৰ দেওবাৰে সফল সামৰণি পৰে। ‘স্বতন্ত্ৰ ভাৰত @৭৫ অখণ্ডতাৰ সৈতে আত্মনিৰ্ভৰশীলতা’ মূল প্ৰসঙ্গ হিচাপে লৈ দেশত পালিত’ সতৰ্কতা সজাগতা সপ্তাহ-২০২১’ৰ অন্তিম কাৰ্যসূচীৰ লগত অনুষ্ঠানৰ লগত সংগতি ৰাখি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই দেওবাৰে মেনেজমেন্ট কন্ফাৰেন্স হলত আয়োজন কৰা অনুষ্ঠানত অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া তথা বিশেষ ডিজিপি ডঃ এল আৰ বিষ্ণয়ে(আই পি এছ) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্য অতিথিৰ ভাষণত ডঃ বিষ্ণয়ে শোধনাগাৰৰ কৰ্মচাৰী সকলক সততা আৰু নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি এখন দুৰ্ণীতি মুক্ত দেশ তথা সমাজ গঢ়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই ২৬ অক্টোবৰ পৰা ২ নৱেম্বৰ লৈ উদযাপন কৰা ‘সতৰ্কতা সজাগতা সপ্তাহ-২০২১’ৰ জৰিয়তে কৰ্মচাৰী সকলে প্ৰতিশ্ৰুতি পুনঃ নিশ্চিত কৰণৰ শপত গ্ৰহণ কৰি অখণ্ডতা, সততা আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে প্ৰতিজ্ঞা বদ্ধ হোৱাত আটাইকে কৃতজ্ঞতা যাঁচে। সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাত বঁটা লাভ কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। ‘জুম প্লেটফৰ্মত অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানত যথেষ্ট সংখ্যকে অংশগ্ৰহণ কৰে।
মেনেজমেন্ট কন্ফাৰেন্স হলত আয়োজন কৰা অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱা আৰু মুখ্য অতিথি ডঃ এল আৰ বিষ্ণয়ক শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক এছ বি লহকৰ,ভাৰপ্ৰাপ্ত মহা প্ৰৱন্ধক (এইচ আৰ) জৰ্জ ইছোৱাৰী আৰু উপ মহা প্ৰৱন্ধক (ভিজিলেন্স) চি কে মানচেয়, বিজিআৰ বিষয়া সন্থা আৰু বিজিআৰ কৰ্মচাৰী সংঘৰ বিষয়ববীয়া সকলে সংগ দিয়ে। সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি শোধনাগাৰ বিনোদন কেন্দ্ৰত ৰাষ্ট্ৰৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটলক শ্ৰদ্ধাঞ্জলি যাঁচি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত জ্যেষ্ঠ প্ৰৱন্ধক (ভিজিলেন্স) আৰ কে গুপ্তাই শলাগৰ শৰাই যাঁচে।।
input: বিপুল কুমাৰ দাস, কাজলগাঁও