নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

আফছাকে ধৰি ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমুলক আইন বাতিলৰ দাবী

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ বঙাইগাঁৱৰ টেঙাইগাঁৱত ৰাজ্যখনৰ অন্যতম অগ্রণী মানৱাধিকাৰ সংগঠন ‘মানৱ অধিকাৰ সংগ্ৰাম সমিতি’ৰ ৩১ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ তম্ কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুযায়ী মঙলবাৰে পুৱা ৯ বজাত মাছৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই। পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে শ্বহীদ পৰিয়ালৰ সদস্য ভাৰত ৰায়ে। বন্তি প্ৰজ্জ্বলন কৰে শ্বহীদ পৰিয়ালৰ সদস্য বেণী মাধৱ সিংহই। পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে মাছৰ বঙাইগাঁও জিলা সমিতিৰ অধ্যক্ষ বিজয় নাৰায়ণ বৰুৱাই। দুপৰীয়া ১২ বজাৰ পৰা কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় মাছৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে। টেঙাই গাঁও হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত সৰকাৰে উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথিৰ ভাষণ আগবঢ়ায় বিশিষ্ট আইনবিদ বিজয় চৌধুৰীয়ে। মাছৰ কেন্দ্রীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্রধান লক্ষীপ্রসাদ ডেকাই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায় বিশিষ্ট আইনবিদ ভূপতি ৰঞ্জন গোস্বামী, তপন দাস, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক সুজিত ৰায়ে। যোগেশ নাথৰ ৰচনা, জ্যোতিৰিন্দ্ৰ নাথ অধিকাৰীৰ সুৰ আৰু পৰিচালনাৰে “মানৱ অধিকাৰ” শীৰ্ষক মাছৰ শীৰ্ষ সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাত নিমন্ত্রিত অতিথিৰূপে উপস্থিত থাকে মাছৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব প্ৰশান্ত কুমাৰ মোদক, বিত্ত সচিব বুধেন বৰা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হাচিবুল ইছলাম। টেঙাইগাঁও লাইব্ৰেৰিয়ান ক্লাবত অনুষ্ঠিত মাছৰ মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ব্ৰজেন বৰুৱা, বঙাইগাঁও জিলা সমিতিৰ উপদেষ্টা , ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা মাখন ৰাভা প্ৰমুখ্যে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজিৰ প্ৰতিষ্ঠা দিৱসতে আফছাকে ধৰি ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমুলক আইনৰ প্ৰতিবাদ জনাই সকলো কলা আইন বাতিলৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে মনোৰঞ্জন বৰ্মনে।

You might also like