নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে প্রমোদ বড়োক দিছে ২০০ কোটি টকা !

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বিটিচিৰ ৰাজনীতিৰ পৰা হাগ্ৰামা মহিলাৰীক একাষৰীয়া কৰিবলৈ বিজেপিয়ে এবছুৰ সদ্যপ্ৰাক্তন সভাপতি তথা ইউপি পি এলৰ সভাপদতি প্ৰমোদ বড়োক ২০০ কোটি টকা দিয়াৰ বিস্ফোৰক অভিযোগ তুলিছে কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই৷

আসন্ন বিটিচি নির্বাচনক লৈ বড়োভূমিৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে সাংসদ শৰণীয়াই সাংবাদিকৰ আগত সেই বিস্ফোৰক অভিযোগ কৰি কয় যে ইতিমধ্যে জনপ্রিয়তা হেৰুৱাই পেলোৱা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতে বিজেপিয়ে অধিক দিন থাকিব বিচৰা নাই৷ প্রতিষ্ঠানবিৰোধী ঢৌ বিজেপিৰ বিৰুদ্ধে তুংগত উঠিছে৷ সেয়ে তেওঁলোকে অতি কৌশলেৰে প্রমোদ বড়োৰ কাষ চাপিছে৷ এইবাৰৰ বিটিচি নির্বাচনৰ জৰিয়তে হাগ্রামাক একাষৰীয়া কৰিবলৈকে প্রমোদ বড়োক ২০০ কোটি টকা বিজেপিয়ে দিয়া বুলি মানুহৰ মুখে মুখে খবৰ ওলাইছে৷ বহুতেই কোৱা–কুই কৰিছে নির্বাচনী ব্যয় হিচাপেই বিজেপিয়ে প্রমোদ বড়োক সেই পুঁজি যোগান ধৰিছে৷ মুঠতে বিটিচিৰ শাসনৰ পৰা হাগ্রামা মহিলাৰীক একাষৰীয়া কৰিব লাগে৷ বিজেপিৰ সৈতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল মিত্রতাত থকাৰ পাছতো বিজেপিয়ে মহিলাৰীক অতি কৌশলেৰে আঁতৰাব বিচাৰিছে৷ তাৰ বাবে প্রমোদ বড়োক বিজেপিয়ে আদৰি লৈছে৷ হাগ্রামা মহিলাৰীৰ তুলনাত প্রমোদ বড়ো বিটিচিৰ মুখ্য কার্যবাহী সদস্য হোৱাৰ বাবে যথেষ্ট যোগ্য ব্যক্তি বুলি উল্লেখ কৰি শৰণীয়াই আৰু কয় যে ৰাজনীতিৰ এ বি চি ডি বড়োৱে এতিয়াও আহৰণ কৰিব পৰা হোৱা নাই৷ সেয়ে বড়োৱে ২০২৫ত বিটিচিৰ মুখ্য কার্যবাহী সদস্যৰ দায়িত্ব ল’ব লাগে৷ তেওঁ লগতে কয় যে ২০২০ত গণ সুৰক্ষা মঞ্চই বিটিচিৰ শাসনভাৰ লাভ কৰিব৷ ইপিনে বি টি আৰ চুক্তিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে কোকৰাঝাৰৰ প্রাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়ে৷

You might also like