নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত চৰকাৰ গঠনত মুখ্য ভূমিকা ল’ব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সমাগত বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল–সংগঠনৰ তৎপৰতা বৃদ্ধি পাইছে৷ বিজেপিয়ে আগন্তুক বিটিচি নির্বাচনত কিমানখন আসনত প্রার্থিত্ব আগবঢ়াব সেয়া স্পষ্টভাৱে নক’লেও ভালেকেইখন আসনত যে বিজেপি দলে প্রার্থিত্ব প্রদান কৰিব সেই কথা শনিবাৰে স্পষ্ট হৈ পৰিছে মন্ত্রী পীয়ূষ হাজৰিকাৰ মন্তব্যত৷

তামুলপুৰ দুর্গা মন্দিৰৰ সভাগৃহত বিজেপি দলৰ এখন সাংগঠনিক সভাত অংশগ্রহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যিক স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে পৰিষদ গঠনত বিজেপি দলে মুখ্য ভূমিকা গ্রহণ কৰিব৷ বিজেপিক বাদ দি কোনো এটা ৰাজনৈতিক দলে পৰিষদ গঠন কৰিব নোৱাৰে আৰু এয়া এশ শতাংশই নিশ্চিত৷ সাংবাদিকৰ এক প্রশ্ণ উত্তৰত মন্ত্রীগৰাকীয়ে বিটিচি নির্বাচনত বিজেপি দলে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব সেয়া দলৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি বিটিচিৰ ভালেসংখ্যক আসনত দলে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰে৷ বিজেপি দলৰ প্রার্থীয়ে ভালেসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মন্ত্রীগৰাকীয়ে দৃঢ়তাৰে দাবী কৰে৷ সমাগত বিটিচি নির্বাচনত পূর্ণ সামর্থ্য আৰু পূর্ণ শক্তি প্রয়োগ কৰি বিজেপি দলে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলিও মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ ইপিনে ক’ৰোনা ভাইৰাছৰ সম্পর্কত ৰাজ্যিক স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে যথোচিত পদক্ষেপ গ্রহণ কৰিছে৷ ভূটান ৰাষ্ট্রত আমেৰিকাৰ নাগৰিকজন ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত সেই নাগৰিকজনৰ সংস্পর্শত অহা ৫৯৯গৰাকী লোকক মাত্র দুদিনৰ ভিতৰত চিনাক্ত কৰি তাৰে ভালেসংখ্যক লোকক স্বাস্থ্যকেন্দ্রত আছুতীয়াভাৱে পর্যবেক্ষণ কৰাৰ বাবে ৰখা হৈছে৷

ক’ৰোনা ভাইৰাছক লৈ আতংকিত নহ’বলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যাৰ হাৰ মাথোঁ ৩ শতাংশ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ডিব্রুগডৰ এখন স্বাস্থ্য কেন্দ্রত ক’ৰোনা ভাইৰাছ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে কোনো লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকা থাকিলে তেওঁলোকে চিকিৎসকৰ পৰামর্শ লৈ তাত গৈ পৰীক্ষা কৰাব পাৰিব৷ এতিয়ালৈকে ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণত আছে যদিও আৱশ্যকবোধে জিলা পর্যায়তো ক’ৰোনা ভাইৰাছৰ চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ ক্ষেত্রত ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহ স্পর্শকাতৰ অঞ্চল হিচাপে চিনাক্তকৰণ কৰি কৰিমগঞ্জ, মানকাচৰ, সূতাৰকান্দি, নেপালৰ সীমামূৰীয়া অঞ্চল শিলিগুৰিত তীক্ষ্ণ দৃষ্টি ৰখা বুলি তেওঁ উল্লেখ কৰে৷ প্রয়োজন অনুসৰি বিভিন্ন লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থাও কৰা হৈছে বুলি মন্ত্রীজনে জানিবলৈ দিয়ে৷ পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক শিক্ষামূলক ভ্রমণৰ পৰা বিৰত থাকিবলৈ, অধিক জনসমাগম থকা ঠাইৰ পৰা আঁতৰত থাকিবলৈ পৰামর্শ দি ক’ৰোনা ভাইৰাছৰ বাবে আতংকিত নহৈ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ উল্লেখ্য যে সমাগত বিটিচি নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি দিনৰ ১ বজাত তামুলপুৰ দুর্গা মন্দিৰত গয়বাৰী মণ্ডল বিজেপিৰ উদ্যোগত এখন সাংগঠনিক সভা আয়োজন কৰা হয়৷ সভাত ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিত দলীয় প্রার্থী প্রক্ষেপ কৰা হ’ব নে নহয় সেই সন্দর্ভত পর্যালোচনা কৰা হয়৷ সভাখনত বিটিচিৰ একমাত্র বিজেপিৰ এম চি এল এ ধর্মনাৰায়ণ দাস, বাগ্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা, নাগ্রীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাচতোলাকে ধৰি জিলা আৰু মণ্ডল পর্যায়ৰ লগতে বুথ সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে৷

You might also like