বিটিচি নির্বাচনত বিজেপিৰ শত্রু হ’ব বিপিএফ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ‘বিটিচি নির্বাচনত এইবাৰ বিজেপি দলে এককভাৱে অৱতীর্ণ হ’ব৷ ৰাজ্য চৰকাৰৰ ক্ষেত্রত বিজেপিৰ বিপিএফৰে মিত্রতা থাকিলেও পৰিষদীয় নির্বাচনত বিপিএফ হ’ব আমাৰ শত্রু৷ প্রতিখন বুথ শক্তিশালী কৰি আগন্তুক নির্বাচনত বিজেপিয়েই পৰিষদ দখল কৰিবলৈ সক্ষম হ’ব৷ দলৰ সৈতে কাম কৰা আৰু বিজয়ৰ সম্ভাৱনীয়তা থকা প্রার্থীক আমি প্রার্থিত্ব প্রদান কৰি শক্তিশালী ৰূপত এই নির্বাচনত অৱতীর্ণ হ’ম৷’ –এই মন্তব্য অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লবৰুৱাৰ৷
ৰাজ্যিক বিজেপিৰ নির্দেশমর্মে বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্রার্থী নির্বাচনৰ বাবে সমষ্টিটোৰ বুথ সমিতিৰ সৈতে হোৱা পর্যালোচনা সভাত এই মন্তব্য কৰে পর্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে৷ সমষ্টিটোত বিজেপিৰ জয়ৰ সম্ভাৱনীয়তা সন্দর্ভত দলীয় নেতা–কর্মীৰ পৰা মতামত গ্রহণ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজ্য চৰকাৰৰ ক্ষেত্রত বিপিএফ আমাৰ মিত্রদল হ’লেও পৰিষদীয় নির্বাচনত বিপিএফ দলক আমি শত্রু জ্ঞান কৰিম৷ পৰিষদীয় নির্বাচনত বিজেপিক কোনো দলৰ সৈতে মিত্রতাৰ প্রয়োজন নাই বুলি উল্লেখ কৰি নির্বাচনৰ পিছতো বিজেপিক বিপিএফৰ সহায়ৰ প্রয়োজন নহ’ব বুলি তেওঁ মন্তব্য কৰে৷
বাগ্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালে আঁত ধৰা পর্যালোচনা সভাখনত বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ আৰতী বৰদলৈয়ে সমষ্টিটোত বিজেপিৰ সাংগঠনিক ভেটি সবল বুলি মন্তব্য কৰি এইবাৰ বাগানপাৰা সমষ্টিত বিজেপিৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে৷ পর্যালোচনা সভাখনত সমষ্টিটোৰ ১০৮টা বুথৰ মাত্র কেইটামান বুথৰ সভাপতি উপস্থিত থাকে৷
উল্লেখ্য যে বিজেপিয়ে এককভাৱে নির্বাচনত অৱতীর্ণ হ’বলৈ বিচাৰিলেও সমষ্টিটোৰ বহু অঞ্চলত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ সক্ষম হোৱা নাই৷ সমষ্টিটোত বিজেপিৰ পৰা বাগানপাৰা মণ্ডল বিজেপিৰ সভানেত্রী আৰতী বৰদলৈ, শক্তিশালী যুৱ নেতা তথা বাগ্সা জিলা বিজেপিৰ সম্পাদক চতন ৰামচিয়াৰী আৰু কিশোৰ কুমাৰ দাসে প্রার্থিত্ব বিচাৰি আবেদন জনাইছে যদিও বিজেপিৰ নেতৃত্বই অহা ১৬ মার্চতহে প্রার্থী চূডান্ত কৰিব৷