নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নিৰ্বাচনৰ ৰণডংকাঃ ১৫ টা সমষ্টিত বিপিএফৰ প্রথমখন তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও নিৰ্বাচনক লৈ ততপৰ হৈ পৰিছে শাসনাধিষ্ঠিত বি পি এফ দল । সোমবাৰে বি পি এফৰ কাৰ্যনিৰ্বাহক সভাই অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নির্বাচনৰ বাবে ১৫জনীয়া প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে৷

কোকৰাঝাৰৰ আৰনাই ৰেষুটৰেণ্টৰ প্রেক্ষাগৃহত অনুষ্ঠিত বি পি এফৰ কার্যনির্বাহক বৈঠকতে আগন্তুক বিটিচি নির্বাচনৰ বাবে প্রথমখন ১৫ জনীয়া প্রার্থী তালিকা প্রকাশ কৰে৷ বি পি এফ দলৰ পৰা নির্বাচনী টিকট নিশ্চয়তা হোৱা প্রার্থীসকল হ’ল– দেৱৰগাঁও সমষ্টিৰ বাবে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী, চিৰাংদুৱাৰ সমষ্টিত খাম্পা বৰগয়াৰী, বাওখুংগ্রী সমষ্টিত দনেশ্বৰ গয়াৰী, বনৰগাঁও সমষ্টিত ৰাজীৱ ব্রহ্ম, চৰাইবিল সমষ্টিত মৃত্যুঞ্জয় নার্জাৰী, মুছলপুৰ সমষ্টিত অনসুমৈ খুংগুৰ বসুমতাৰী, মুদৈবাৰী সমষ্টিত জগদীশ সৰকাৰ, ভেৰগাঁৱত নেৰশ্বন বডো, হৰিশিঙাত ত্রিদিপ দৈমাৰী, ননৈ চেৰফাঙত শ্যাম চুণ্ডী, খালিংদুৱাৰত বনজাৰ দৈমাৰী, দৰংগামেলাত বিজিত গৌৰা নার্জাৰী, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, খৈৰাবাৰীত লৌমশ্রাও দৈমাৰী আৰু পর্বতঝোৰা সমষ্টিত মুনমুন ব্রহ্ম৷ ইপিনে ৰৌতা সমষ্টিত পূর্বৰ বি পি এফৰ এম চি এল এ অলিন্দ্র মুছাহাৰীক এইবেলি দলে প্রার্থিত্ব দিয়ে নে নাই, এই সন্দর্ভত এই কার্যনির্বাহক সভাই একো সিদ্ধান্ত গ্রহণ কৰা নাই৷

আনহাতে, মহিলাৰীয়ে আগন্তুক বিটিচি নির্বাচনত বি পি এফ মিত্রজোঁটে ৩০খন আসন লাভ কৰিব বুলি দাবী কৰি চৰকাৰ মিত্রজোঁটৰেই বুলি মন্তব্য কৰে৷ আগন্তুক বিটিচি নির্বাচনত বিজেপি–গপৰে বি পি এফৰ মিত্রতা অব্যাহত থাকিব বুলিও তেওঁ সদৰী কৰে৷

You might also like