বিধায়িকা নবনীতা সন্দিকৈৰ ব্যক্তিগত সহায়কৰ পৰা সোণাৰিত গণ সংক্রমণ; ৩ ব্যক্তি আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ ব্যক্তিগত সহায়ক যীশু পালৰ পৰা সোণাৰিত ক’ভিড–১৯ৰ গণসংক্রমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পাল ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত তেওঁৰ সংস্পর্শলৈ অহা ৩গৰাকী ব্যক্তিৰ দেহত নতুনকৈ ক’ভিড–১৯ ধৰা পৰিছে৷
কিছুদিন পূর্বে পালে সোণাৰি নগৰৰ নিকটৱর্তী টীয়ক ৰজাবাৰীৰ আত্মীয়ৰ ঘৰলৈ গৈছিল৷ সেই পৰিয়ালটোৰ ৩ ব্যক্তি ক্রমে দীপক পাল, মায়া পাল আৰু মিলন ক’ৰৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷
মন কৰিবলগীয়া এয়ে যে বিধায়িকা সন্দিকৈ ক’ৰোনাত আক্রান্ত হোৱাৰ দুদিন পূর্বে চৰাইদেউ জিলা উপায়ুক্তৰ কার্যালয়ত এখন সভাতো অংশগ্রহণ কৰিছিল৷ এতিয়া সমগ্র বিষয়টোক লৈ সোণাৰিত গণসংক্রমণৰ আশংকাই সোণাৰিবাসীক চিন্তিত কৰি তুলিছে৷