বিপদ সীমাৰ ওপৰেৰে বৈছে চিয়াঙৰ জলপৃষ্ঠ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ মুষলধাৰ বৰষুণ অৱ্যাহত থকাৰ বাবে ফেনে ফুটোকাৰে বাঢ়িবলৈ ধৰিছে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিয়াং নদীৰ অংশ। জলসম্পদ বিভাগৰ জাননী অনুসৰি সম্প্ৰতি বিপদ সীমাৰ উপৰেৰে বৈছে চিয়াঙৰ জলস্তৰ। শনিবাৰে পুৱাৰ ভাগত পাচিঘাটত চিয়াঙৰ জলস্তৰ ১৫৪.১৫ মিটাৰ পৰ্যন্ত বঢ়াত বিপদ সীমা ১৫৩.৯৬ মিটাৰ অতিক্ৰম কৰিছে। ইফালে চিবৌ ক’ৰং নদীৰ জলস্তৰ ২২৩.৯৬ মিটাৰেৰে বৰ্তমানেও বীপদ সীমাৰ তলেৰেই বৈ আছে।
পূৱ চিয়াং জিলা প্ৰশাসনে এই সময়চোৱাত স্থানীয় লোকসকলক নদীৰ বুকুলৈ নাযাবলৈ সতৰ্ক কৰি দিছে। জনসাধাৰণক আতংকিত হোৱাৰ পৰিবৰ্তে এই সময়চোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। উল্লেখযোগ্য যে চিয়াঙৰ ক্ৰমবৰ্ধমান জলপৃষ্ঠই অসমৰ ডিব্ৰুগড় জিলাৰ লগতে আন জিলা সমূহতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।