বিবাহ সম্পন্ন হ’ল, কইনা থ’বলৈ গৈ মৃত্যু মহিলাসহ ৫জন
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ টংলাৰ নাচনীশালীত। বিবাহ সম্পন্ন হোৱাৰ পাছত কইনা থ’বলৈ যোৱা এখন বাহন দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবতিলে কইনাঘৰীয়া ৫জনকৈ লোকে।
দৰা ঘৰ নাপাওঁতেই সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনাটো। কইনাক থ’বলৈ অহা গাড়ীখনে পথৰ দাঁতিৰ এডাল গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ফলত থিতাতে নিহত হয় ৫জনকৈ লোক আৰু আহত হয় প্ৰায় ২৫জনকৈ লোক। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে গাড়ীখনৰ চালকে। বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পাছত দৰা-কইনাসহ যোৱা গাড়ীখনৰ পিছতে গৈছিল কইনাঘৰীয়া গাড়ীখন। নিহত লোক কেইজন মণিৰাম বড়ো, জোহান কুল্লু, জিতেন বড়ো, গোবিন্দ বড়ো আৰু চাঞ্চুমা বড়ো। আনন্দৰ পৰিবৰ্তে এতিয়া কান্দোনৰ ৰোল উঠিছে কইনাঘৰত।
তামুলপুৰৰ কুমাৰকাটাতো ভয়ংকৰ দুৰ্ঘটনা। তেলৰ টেংকাৰৰ খুন্দাত প্ৰাণ গল এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীৰ। দ্ৰুতবেগী টেংকাৰখনৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী।