বিভিন্ন খেল-ধেমালিৰে বাসুগাঁও গুৰুকূল নেচনেল স্কুলৰ স্কুল সপ্তাহ আৰাম্ভ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ চিৰাং জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বাসুগাঁৱস্থ গুৰুকূল নেচনেল স্কুলত ছাত্র-ছাত্ৰীৰ দ্বাৰা মাৰ্চ-পাৰ্চ, নৃত্য-গীতৰ উপৰি ছাত্র-ছাত্ৰীৰ লগতে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকাৰ মাজত বিভিন্ন আকৰ্ষণীয় খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম ফুটবল সন্থাৰ গভৰ্ণিং বডিৰ সদস্য মনোলাল বসুমতাৰী আৰু স্কুলৰ অধ্যক্ষ বিজিত নাথে বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । পতাকা উত্তোলন কৰি মুখ্য অতিথি মনোলাল বসুমতাৰীয়ে খেল বা ক্ৰীড়াৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-একোতা সমন্বয় সু-দৃঢ় হোৱাৰ লগতে শাৰীৰিক-মানসিক বৌদ্ধিক বিকাশ হয় বুলি উল্লেখ কৰি অসমৰ পৰা হিমা দাস, লাভলীনা বৰগোহাঞি ইত্যাদি খেলৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথা ব্যক্ত কৰে । স্কুলৰ অধ্যক্ষ বিজিত নাথেও বিদ্যালয়ত অধ্যয়নৰ লগতে খেল-ধেমালিৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰে । ইয়াৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱিকা আৰু স্কুলৰ শিক্ষয়িত্ৰীৰ মাজত মিউজিক চেয়াৰ, অভিভাবিকাৰ মাজত দৌৰৰ উপৰি ছাত্র-ছাত্ৰীৰ মাজত দৌৰকে আদি কৰি বিভিন্ন আকৰ্ষণীয় খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা বিভিন্ন খেল-ধেমালি সমূহ।অহা ২৪ ডিচেম্বৰ দিনা সামৰণি পৰিব বুলি স্কুলৰ অধ্যক্ষ বিজিত নাথ স্বাক্ষৰিত এক বিবৃতিৰ জৰিয়তে জানিব পৰা গৈছে ।