বিশিষ্ট মীন পালক দেৱজিৎ বৰ্মনক অসম গৌৰৱ বঁটা
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: বিশিষ্ট মীন উদ্যোগী দেৱজিৎ বৰ্মনক আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “অসম গৌৰৱ” বঁটা ঘোষণা কৰাত সমগ্ৰ নলবাৰী জিলাত ব্যাপক উৎসাহ হোৱা পৰিলক্ষিত হৈছে। নলবাৰী জিলাৰ পূব প্ৰান্তৰ আদৰ্শগাওঁ নানকাৰভয়ৰাৰ শিক্ষিত যুৱক দেৱজিৎ বৰ্মন। দেৱজিতে সীমিত ধনেৰে চালুকীয়াকৈ ১৯৯০ চনত ঘৰৰ পিছ ফালে থকা এক বিঘা মাটিৰ পুখুৰীটোত মাছ পোনা আনি মেলি দিছিল। বছৰৰ শেষত মাছ ডাঙৰ হল। নিজৰ পৰিয়ালটোৱে খোৱাৰ উপৰিও বিক্ৰী কৰিবলৈ সক্ষম হয়। লগে লগে দেৱজিৎ বৰ্মনে ঠিৰাং কৰিলে মাছ পোনা আৰু ডাঙৰ মাছৰ ব্যাৱসায় কৰা। ১৯৯৬ চনত নলবাৰী জিলা মীন উন্নয়ন নিগমৰ পৰা এই বিষয়ত প্ৰশিক্ষণ লোৱাৰ উপৰিও ১৯৯৭ চনত মীন প্ৰশিক্ষণ কেন্দ্ৰ উলুবাৰীত ১০ দিনৰ প্ৰশিক্ষণ লয়। ইফালে মীন উৎপাদনৰ বিশদ জানিবলৈ দেৱজিৎ বৰ্মনে ৰহা, যোৰহাটলৈ যায়। বি. কম ডিগ্ৰীধাৰী এই উদ্যোগী যুৱক গৰাকীয়ে পানী আৰু মাছপোনাৰ সৈতে সহৱস্হান কৰি নলবাৰী জিলাই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিবছৰে হাজাৰ কোটি বিভিন্ন জাতৰ মাছৰ পোনা উৎপাদন আৰু বিক্ৰী কৰি আহিছে। ইতিমধ্যে বহুতো যুৱকৰ আশাৰ প্ৰদীপ হৈ পৰিছে দেৱজিৎ বৰ্মন। পূব নলবাৰী অঞ্চলৰ বিভিন্ন গাওঁৰ বহুতো যুৱকে দেৱজিৎ বৰ্মনৰ পৰা ক্ষুদ্ৰ মাছৰ পোনা আনি এপ্ৰিল-মে মাহত বিক্ৰী কৰিবলৈ মজুত কৰি ৰাখে। ইয়াৰ বাবে কাৰিকৰী জ্ঞান যুৱক সকলে দেৱজিৎ বৰ্মনৰ পৰাই লাভ কৰে। চাওঁতে চাওঁতে দেৱজিৎ বৰ্মনে এটা পুখুৰীত আৰম্ভ কৰা মাছপোনাৰ উৎপাদন এতিয়া ঘোগাবিল অঞ্চলত প্ৰায় ৩০০ টা পুখুৰীত সৰু মাছ আৰু ডাঙৰ মাছ উৎপাদন কৰে। দেৱজিৎৰ মাছ অসমে নহয় ভূটান, নেপাল বাংলাদেশ আদিলৈ ৰপ্তানি হয়। ইতিমধ্যে দেৱজিৎ বৰ্মনে মীন বিভাগৰ উদ্যোগত বিভিন্ন ঠাইত শ শ যুৱক যুৱতীক প্ৰশিক্ষণ দিছে।
ইয়াৰ দ্বাৰা নিবনুৱা যুৱক যুৱতী সকলে মাছ উৎপাদনৰ কাৰিকৰী জ্ঞান লাভ কৰিছে দেৱজিৎ বৰ্মনৰ পৰাই। বৰ্তমান দেৱজিৎতে নিজৰ মীন পাম খনৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় আঠ হেক্টৰ পানী কালি লীজত লৈ বছৰেকত প্ৰতিহেক্টৰ পানীকালীত ৫/৬ হাজাৰ কিলোগ্ৰাম মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে। পুখুৰীৰ পাৰত বিভিন্ন উদ্যান শস্য, কলগছৰ ৰোপণ কৰিও লাভ অৰ্জন কৰিছে। আনহাতে পুখুৰীৰ পাৰত বৈজ্ঞানিক ভিত্তিত বৃহৎ গাহৰিৰ ফাৰ্ম, ছাগলীৰ ফাৰ্ম খুলিছে। কিছুবছৰ আগতে নৰকংকাল উদ্ধাৰ হৈ অভিশপ্ত পথাৰ হিচাবে চিহ্নিত নানকাৰভয়ৰাৰ সমীপৰ ঘগাবিলত এতিয়া গঢ়ি উঠিছে বৃহৎ বৃহৎ মীন পাম। ঘগাবিলৰ তিনি শতাধিক বৃহৎ পুখুৰীত ভকুৱা, ৰৌ, চিতল, মিৰগা, হাংগাৰীয়ান কমনকাৰ্পৰ জল কেলিয়ে মানুহৰ মনত ক্ষনিকৰ বাবে হলেও আনন্দ দিয়ে। এতিয়া তাত মাঘ বিহুৰ আগতে মীন উৎসৱ। ঘগাবিলৰ বৃহৎ বৃহৎ মাছে দখল কৰে উৰুকাৰ বজাৰ। বহুতো গুৰুত্বপূৰ্ণ বঁটা প্ৰাপক দেৱজিৎ বৰ্মন এতিয়া অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ। ইফালে আজি অসম গৌৰৱ বঁটা ঘোষণা কৰাৰ লগে লগে নলবাৰী জিলাৰ মীন পালক সকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে হৈছে। ইফালে দেৱজিৎ বৰ্মনক শুভেচ্ছা জনাইছে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত গীতিমণি ফুকন, নানকাৰভয়ৰা ৰূপজ্যোতি যুৱক সংঘৰ লগতে জিলা খনৰ বিভিন্ন দ’ল সংগঠনে।