নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক, গৱেষক যোগেন তামুলীৰ দ্বিতীয় স্মাৰক দিৱস পালন 

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ উত্তৰ পিছলা শাখা সাহিত্য সভা আৰু শিয়াল মৰা সত্ৰৰ উদ্যোগত পুলিনাহৰণিস্থিত্ব বৰনাহৰণি প্ৰাথমিক বিদ্যালয়ত আজি বিশিষ্ট সাহিত্যিক, সংগঠক, গৱেষক যোগেন তামুলীৰ দ্বিতীয় স্মাৰক দিৱস দিন যোৱা কাৰ্যসূচীৰে পালন কৰা হয় ।

স্থানীয় ৰাইজৰ আকুণ্ঠ সহাৰিয়ে অনুষ্ঠানটো এক উৎসৱ মুখৰ পৰিৱেশ সূচনা হয় । ইয়াৰ উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ , গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ।অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সভাৰাম ফুকনে আৰু স্মৃতি তৰ্পণ কৰে বকুল বৰাই। স্থানীয় শিশু শিল্পীসকলে পৰিবেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখন শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক তথা নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়াই। সভা খনত সভাপতিত্ব কৰে শিয়াল মৰা সত্ৰৰ সত্ৰাধিকাৰ বিশিষ্ট সাহিত্যিক , সংগঠক অৰুণ কুমাৰ গোস্বামীয়ে । সাংবাদিক জয়ন্ত কুমাৰ হাজৰিকাই পৰিচালনা কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে যোগেন তামুলীৰ কৰ্মৰাজী, সাহিত্য আৰু সামাজিক অৱদানৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমুল্য কুমাৰ হাজৰিকাই ।

সভাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন শইকীয়াই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে । এই অনুষ্ঠানতে খগেন হাজৰিকাই এখন স্মৃতি পুস্তিকা উন্মোচন কৰে । আজিৰ সভাতে যোগেন তামুলীৰ স্মাৰক গ্ৰন্থ সংগ্ৰাহলয় এটা তেওঁৰ পৰিয়ালে তামুলীয়ে পঢ়া বিদ্যালয় খনতে প্ৰতিষ্ঠা কৰে।

Input: চন্দন শইকীয়া,ভোগপুৰ

You might also like