বিশ্বনাথত অঘটনঃ দোকানৰ ভাৰা দিব নোৱৰাত ব্যৱসায়ীক প্রহাৰ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ দোকানৰ ভাৰা দিব নোৱাৰাৰ বাবে মালিকৰ পুত্রৰ হাতত এজন ব্যৱসায়ী প্রহূত হোৱা ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লকডাউনৰ বাবে ব্যৱসায়ত লোকচান হোৱা বাবে দোকানৰ ভাৰা দিব নোৱাৰাৰ বাবেই আৰ এন ইলেক্ট্রনিক নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰ জীৱন নন্দীক গুৰুলাগুৰুলকৈ প্রহাৰ কৰে ঘৰৰ মালিক ৰতন সিঙৰ পুত্র জনী সিঙে৷
জানিব পৰা মতে, সোমবাৰে বিয়লি জনী সিং দোকানখনত উপস্থিত হৈ দুমাহৰ ভাডা বিচাৰে৷ কিন্তু প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰ জীৱন নন্দীয়ে ব্যৱসায় মন্দা চলাৰ বাবে ভাৰা কেইদিনমান পিছত দিয়াৰ কথা কয়৷ কিন্তু জনী সিঙে লগে লগে প্রতিষ্ঠানখনৰ স্বতাধিকাৰ নন্দীক গুৰুলাগুৰুলকৈ প্রহাৰ কৰাৰ লগতে এইদৰে প্রতিষ্ঠানখনত থকা সামগ্রীসমূহ লণ্ডভণ্ড কৰে৷ টিভি, ছাউণ্ড ছিষ্টেমসমূহ ভাঙি পেলোৱাৰ লগতে বহু সামগ্রী দোকানৰ বাহিৰলৈ দলিয়াই দিয়ে৷ স্থানীয় ৰাইজে পৰিস্থিতি নিয়ন্ত্রণ কৰি আৰক্ষীক খবৰ দিয়ে৷
বিশ্বনাথ আৰক্ষীয়ে জনী সিঙক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ দোকানৰ ভাৰা দিব নোৱাৰাৰ বাবেই নির্মমভাৱে দোকানৰ ব্যৱসায়ীক প্রহাৰ কৰি লণ্ডভণ্ড কৰা বিষয়টোৱে ব্যাপক প্রতিক্রিয়া অব্যাহত ৰাখিছে৷ সমগ্র দেশত লকডাউনৰ ফলত ক্ষতিগ্রস্ত হোৱা অর্থনীতিৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে৷ যাৰ বাবে চৰকাৰে এনে লোকসকলৰ বাবে প্রস্তুত কৰিছে বিভিন্ন আঁচনি৷ আনহাতে ৰাজ্য চৰকাৰে ৰাজ্যত থকা ঘৰ বা ব্যৱসায়িক প্রতিষ্ঠানৰ মালিকসকলকো তেওঁলোকৰ ভাৰাতীয়াসকলক কিছু সকাহ দিয়াৰ বাবে আহ্বান জনাইছে৷ কিন্তু চৰকাৰৰ এই আহ্বানৰ প্রতি কোনো ভ্রূক্ষেপে নকৰি একাংশই ভাৰাতীয়াৰ ওপৰত অত্যাচাৰ কৰি অমানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে৷