নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য সমাজত এতিয়া মৰিশালী নিস্তব্ধতা; সম্পূৰ্ণ হৈ নুঠিল নৱনিৰ্মিত নাট্য মন্দিৰতো

নিয়মীয়া বাৰ্তা,২০ আগষ্ট: ১৯৩১ চনতে তেতিয়াৰ নাট্যপ্ৰেমী বিশিষ্ট সমাজ কৰ্মী প্ৰয়াত কৃপানাথ মালাকাৰ, মীনাৰাম বৰা, ধীৰনাথ মেধি আৰু দেৱেশ্বৰ দাসে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত দান সূত্ৰে দিয়া ভূমিত নিৰ্মাণ কৰা বীণাপাণি নাট্য সমাজখনে আজি চাৰিকুৰি এঘাৰ বছৰত ভৰি দিলে। বিগত বছৰ বোৰত বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সভা সমিতিকে ধৰি বিভিন্ন নাটক সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হৈ অহাৰ পাছত ১৯৬২ চনৰ পৰা আৰম্ভ হয় সদৌ অসম সূৰ্য বৰা সোঁৱৰণি একাংক নাট প্রতিযোগিতা য’ত নট সূৰ্য ফণী শৰ্মা, কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা, সুধা কণ্ঠ ড. ভুপেন হাজৰিকাই বিচাৰকৰ আসন অলংকৃত কৰি বিশ্বনাথৰ মান উজ্জ্বল কৰিছিল। পিছে শেহতীয়া ভাবে ৰাজ্য চৰকাৰে নামঘৰ, মছজিদ, মঠ মন্দিৰকে ধৰি ৰংগমঞ্চসমূহ দ্ৰুত উন্নয়ন বাবে গ্ৰহণ কৰা আঁচনিৰ আওঁতালৈ আনি বিশ্বনাথ চাৰিআলিৰ ঐতিহাসিক এই বীণাপাণি নাট্য মন্দিৰটোও অটোকধুনীয়াকৈ নিৰ্মাণ কৰাৰ পুৰণি গৃহটি সম্পূৰ্ণ ৰূপে ভাঙি নির্মাণৰ কাম আৰম্ভ কৰা হয় যদিও আজি দুই তিনিটাকৈ বছৰ অসম্পূৰ্ণ কৈ পেলাই থৈছে য’ত  এতিয়া মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰি আছে। জানিব পৰামতে নিৰ্মাণ সমিতিত স্থানীয় বিধায়ক আৰু বীণাপাণি নাট্য সমাজ পৰিচালনা সমিতিৰ তিনিওৰাকী সদস্যক সাধাৰণ সদস্য হিচাবে ৰাখি সমিতি খনৰ পদেন সভাপতি জিলা উপায়ুক্ত আৰু সচিব গড় কাপ্তানী গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তা গৰাকী আছে। গতিকে সঠিক তথ্য চৰকাৰী বিষয়া দুগৰাকীয়ে দিব পাৰিব যদিও ৰাইজে কিন্তু নৱ নির্মিত বীণাপাণি নাট্য মন্দিৰটো নিৰ্মাণত সন্তুষ্ট নহয়। দুয়োদিশৰ বাৰাণ্ডা অতি ঠেক হোৱাৰ লগতে শীত তাপ নিয়ন্ত্ৰিত কোঠাৰে ব্যয় বহুল ভাৱে নিৰ্মাণ কৰিবলৈ লোৱাৰ সাধাৰণ সভা সমিতি আৰু সাংস্কৃতিক বা নাট আদি অনুষ্ঠিত কৰাত যে অসুবিধাৰ সৃষ্টি হব খাটাং। গতিকে একাংই কব বিচাৰে যে,নাট্য মন্দিৰটোৰ  দ্বিতীয়বাৰ কাম আৰম্ভ কৰাৰ পূৰ্বে এখন বিশাল  ৰাজহুৱা সভা অনুষ্ঠিত কৰা হওক আৰু সকলোৰে এক গ্ৰহণ যোগ্য মতামত লৈ পুনৰ কাম আৰম্ভ কৰা হওক যাতে সকলোৱে সমানে নাট্য মন্দিৰটো ব্যৱহাৰ কৰিব পাৰে । 
You might also like