নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহডুবিত সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিট স্থাপনৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ কলিয়াবৰৰ বিহডুবিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট স্থাপনৰ কালি শুভাৰম্ভ কৰে৷ অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ প্রস্তুতিৰ কালি পুৱাই শুভাৰম্ভণি কৰে জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷বন্ধ হৈ থকা কলিয়াবৰৰ বিহডুবি পলিয়েষ্টাৰ কল চৌহদত মন্ত্রী কেশৱ মহন্তই নতুন গোটটোৰ আনুষ্ঠানিকভাৱে প্রস্তুতিৰ শুভাৰম্ভণি কৰে৷ প্রায় ২২ বিঘা ভূমিত নতুনকৈ গোটটোৰ মৰাপাট কলটো স্থাপন হ’ব৷ ৩৫ কোটি টকা ব্যয়সাপেক্ষ অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট স্থাপনক লৈ চলি থকা বিভিন্ন জল্পনা–কল্পনাৰ বাস্তৱ ৰূপ পোৱাৰ বাট মুকলি হ’ল৷ ইফালে, কালি দিনটোতে অসম সমবায় মৰাপাট কল, শিলঘাটে ৫০বর্ষ সম্পূর্ণ কৰে৷ এন চি ডি চি এলৰ পৰা পোৱা ছাবছিডী ঋণৰ জৰিয়তে নতুন মৰাপাট কলটো নির্মাণ হ’ব৷ তিনি মাহৰ ভিতৰত নতুন মৰাপাট কলটো সম্পূর্ণ হ’ব বুলি মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়ে৷ কলটো হৈ উঠিলেবহু নিবনুৱা যুৱকে দ্বিতীয় কলটোত কর্মসংস্থাপন লাভ কৰিব বুলিও মন্ত্রীগৰাকীয়ে কয়৷

You might also like