নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ–পশ্চিমবংগ সামৰি অসমত কর্ণাটকৰ যন্ত্রেৰে ধানকটা দল

নিয়মীয়া বাৰ্তা, ২২ জুন: বহিঃৰাজ্যত কর্মৰত অসমৰ জাকে জাকে যুৱকে যি সময়ত গাত ক’ৰোনা লৈ উভতি অহাটো প্রমাণিত হৈছে, সেই সময়ত কিন্তু ৩খন ৰাজ্যত কাম কৰি অহা ৪৫জনীয়া দলক লৈ গ্রহণ কৰা হোৱা নাই কোনো পদক্ষেপ৷ যাৰ বাবে অসমৰ গঞালৈ নামি আহিছে সংক্রমণৰ ভাবুকি৷ দেওবাৰে  মঙলদৈ কেৰিমেৰিৰ পথাৰত ধানকটা এনে এটা দলে কেমেৰা দেখি পথাৰৰ পৰা পলায়নৰ এক ঘটনা সংঘটিত হ’ল৷

দৰং জিলাৰ সীমা পাৰ হৈ দলটোৱে ওদালগুৰি জিলাৰ ভকতপাৰাত আশ্রয় লয়৷ মন কৰিবলগীয়া যে কর্ণাটককে ধৰি ভিন্ন ৰাজ্যৰ পৰা শ্রমিকসকল আঁতৰি নিজ ৰাজ্যলৈ ঢ়াপলি মেলাৰ পাছত সেই ৰাজ্যসমূহৰ উদং পথাৰৰ পৰা কৃষিকর্মত ব্যৱহূত বহু যন্ত্রসহ প্রায় ৪৫জনীয়া দলে অসমলৈ ঢ়াপলি মেলিছে৷ অসমৰ বৰোধানৰ পথাৰত এই ধানকটা যন্ত্র চৰা দৰত ব্যৱহাৰ কৰা হৈছে৷ ৰাজ্যলৈ এনে কৃষিত ব্যৱহূত আধুনিক যন্ত্রৰ আগমন নিশ্চিতভাৱেই শুভ লক্ষণ৷ কিন্তু প্রশ্ন উঠিছে এনে সঁজুলিচালনাত জডিতসকলক লৈহে৷

কিয়নো ক’ৰোনাৰ হটবেডত পৰিণত ৰাজ্য পশ্চিমবংগসহ বিহাৰ, পঞ্জাব আদিত কাম কৰি আহিছিল৷ কিন্তু এনে ৰাজ্যৰ পথাৰত কাম কৰি অহাৰ পাছত এই শ্রমিকসকলৰ না ছোৱাব পৰীক্ষা কৰা হৈছে, না কোৱাৰেণ্টাইন৷ এইপর্যন্ত অসমৰ গঞা ক’ৰোনাৰ পৰা সুৰক্ষিত হৈ আহিছিল বহিঃৰাজ্য ফেৰৎ যুৱকসকলক কোৱাৰেণ্টাইনৰ বাবে৷ কিন্তু ৰাজ্য চৰকাৰৰ সেই সাৱধানতাক প্রত্যাহ্বান জনাইছে বহিঃৰাজ্যৰ পৰা কোনো ধৰণৰ প্রতিৰোধ নোহোৱাকৈ প্রৱেশ কৰা এই শ্রমিকসকলে৷ স্বাভাৱিকতে প্রশ্ণ হয়– ধান কাটি কৃষকক সকাহ দিবলৈ অহা দলবোৰে এতিয়া গণ সংক্রমণ সৃষ্টি কৰিব নেকি ?

You might also like