বি এইচ বি মহাবিদ্যালয়ত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনত অনুমতি অধ্যক্ষৰ
নিয়মীয়া বাৰ্তা,৪ মেঃ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ,স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনত সন্মতি প্ৰদান কৰিছে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসে।উল্লেখ্য,যোৱা ৩০ তাৰিখে মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ আৰু বৰ্তমান গুৱাহাটীৰ পৰা প্ৰকাশিত ‘দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ পৌৰাহিত্যত ১৯৯২ চনৰ পৰা ১৯৯৫ চনৰ মাজৰ সময়ছোৱাত মহাবিদ্যালয়খনত স্নাতক শিক্ষা বৰ্ষৰ সময়ছোৱাত অধ্যয়ন কৰা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে এক সহপাঠী সন্মিলন অনুষ্ঠিত হৈছিল।আনহাতে অনুষ্ঠিত উক্ত ‘প্ৰথম সহপাঠী সন্মিলন’ত অংশগ্ৰহকাৰীসকলে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদগৰাকীৰ স্মৃতি মহাবিদ্যালয়খনত যুগমীয়াকৈ ৰখাৰ বিষয়টোত সৰ্বসন্মত এক ঐকমত্যত উপনীত হৈছিল।অনুষ্ঠিত উক্ত সন্মিলনতে মহাবিদ্যালয়খনৰ চৌহদত শ্বহীদ গৰাকীৰ এক আবক্ষ মূৰ্তি স্থাপনৰো সিদ্ধান্ত লোৱা হৈছিল।আনহাতে শ্বহীদ গৰাকীৰ আবক্ষ মূৰ্তি স্থাপনত মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ অনুমতি বিচৰাৰ লগতে শ্বহীদ গৰাকীৰ একালৰ সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণৰূপে তেওঁলোকৰ সন্মিলিত অৰ্থসাহায্যেৰে শ্বহীদ গৰাকীৰ আবক্ষ মূৰ্তি স্থাপনৰ বিষয়টোতো সহমত পোষণ কৰিছিল।আনহাতে উক্ত প্ৰস্তাৱ অনুসৰিয়েই আজি মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ ধ্ৰবজ্যোতি দাস,পুলক বৈশ্য আৰু সঞ্জীৱ তালুকদাৰেৰে গঠিত এটা সঁজাতী দলে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীৰ সৈতে অধ্যক্ষ গৰাকীৰ কাৰ্যালয় কক্ষত এক আলোচনাত মিলিত হয়।অধ্যক্ষ গৰাকীয়ে সঁজাতী দলটোৰ এই প্ৰস্তাবলৈ তাৎক্ষণিক সঁহাৰি জনায় আৰু ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ,মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ গৰাকীৰ স্মৃতি সংৰক্ষণ প্ৰচেষ্টাৰ এগৰাকী অংশীদাৰ হবলৈ পাই নিজেই ধন্য হোৱা বুলিও মত প্ৰকাশ কৰে।অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়খনৰ চৌহদত সঁজাতী দলটোৰ সৈতে আবক্ষ মূৰ্তি স্থাপনৰ বাবে এটুকুৰা ভূমিও চিনাক্ত কৰে।উল্লেখ্য,শ্বহীদ গৰাকীৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ বাবে অসমৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ সৈতে যোগাযোগ কৰাৰ বাবে উক্ত
সহপাঠী সন্মিলনত সিদ্ধান্ত লোৱা হৈছিল।
প্ৰেৰক:: ভূষণ তালুকদাৰ ।