বুধবাৰ পৰ্যন্ত পাচলি বিক্ৰী কৰিছিল ক’ৰোনা আক্ৰান্ত দীপক মল্লিকে
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা আক্ৰান্ত দীপক মল্লিক আছিল এজন শাক-পাচলি বিক্ৰেতা। বৃহস্পতিবাৰে বঙাইগাঁৱত ধৰা পৰিছিল ৪জনকৈ ক’ৰোনা আক্ৰান্ত ৰোগী। আৰু এই ৰোগীকেইজনৰ ভিতৰত এজন আছিল দীপক মল্লিক। পাচলি বিক্ৰেতা দীপক মল্লিকে বুধবাৰ পৰ্যন্ত শাক-পাচলি বিক্ৰী কৰি আহিছিল। অভয়াপুৰীৰ বিভিন্ন অঞ্চলত শাক-পাচলি বিক্ৰী কৰিছিল লোকজনে। ফলত অভয়াপুৰীৰ বিভিন্ন অঞ্চলত এতিয়া আতংকৰ সৃষ্টি হৈছে। এই বাতৰি বিয়পি পৰাৰ লগে লগে এক ভয়ংকৰ শংকা কঢ়িয়াই আনিছে অঞ্চলটোলৈ।
কোনো ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ আক্ৰান্ত হৈছিল বঙাইগাঁৱৰ ৪গৰাকীকৈ লোক। ইতিমধ্যে MMCHত ভৰ্তি কৰোৱা হৈছে আটাইকে।