বেতকুছিত বৰপেটা সত্রৰ ভূমি দখলৰ চক্রান্ত মহানগৰীত ভূ–মাফিয়াৰ দপদপনি
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ৰাজ্যৰ আৰক্ষী প্রশাসনৰ হূদপিণ্ডস্বৰূপ গুৱাহাটী মহানগৰীত এতিয়া কেৱল মাফিয়াৰ দপদপনি চলিছে৷ আৰক্ষী প্রশাসনক অস্তিত্বহীন প্রমাণ কৰি এইবাৰ ঐতিহাসিক ধর্মীয় স্থানৰ ভূমিত চকু পৰিছে ভূ–মাফিয়াৰ৷ খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ২০০ বছৰ পুৰণি সত্রৰ ভূমি বেদখল কৰাৰ চক্রান্ত ৰচনা কৰিছে এটা ক্ষমতাশালী মাফিয়া বাহিনীয়ে৷
ৰাজ্য চৰকাৰে সত্রৰ বেদখল উচ্ছেদ কৰাৰ হুংকাৰ দি অহা সময়ত দিছপুৰৰ সমীপত মাফিয়াই আৰম্ভ কৰা কুচকাৱাজে চৰকাৰ তথা আৰক্ষী প্রশাসনৰ ভূমিকাক সন্দেহৰ আৱর্তলৈ ঠেলি দিছে৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লখৰাৰ সমীপৰ বেতকুছিত ঐতিহাসিক বৰপেটা সত্রৰ এখন শাখা সত্র আছে৷ স্থানীয় লোকসকলৰ মতে প্রায় ২০০ বছৰ আগৰে পৰা উক্ত স্থানত এই সত্রখন আছে৷ প্রথমতে সাধাৰণ খেৰি ঘৰ এটাত সত্রৰ নামঘৰটো আছিল যদিও পৰৱর্তী সময়ত স্থানীয় ৰাইজে নিজাববীয়াকৈ দান বৰঙণি সংগ্রহ কৰি আটকধুনীয়াকৈ শেনমেলা নামঘৰ নির্মাণ কৰি উলিয়ায়৷ শেনমেলা নামঘৰ সত্র পৰিচালনা সমিতিৰ দখলত দীর্ঘদিনৰ পৰা আছিল প্রায় ১০ বিঘা মাটি৷ ২০০৬ চনত কামৰূপ (ম) জিলা প্রশাসনে নামঘৰৰ দখলত থকা মাটিৰ পৰা প্রায় ৩ বিঘা ভূমি নতুনকৈ এখন মাছৰ বজাৰ স্থাপনৰ বাবে বিচাৰে৷ কেবালানি আলোচনাৰ পিছত নামঘৰ সমিতিয়ে মহানগৰ প্রশাসনক বিচৰা মতেই ভূমি দান দিবলৈ সন্মত হয়৷
ইয়াৰ বিপৰীতে জিলা প্রশাসনে বাকী ভূমিখিনি সত্রৰ নামত নামজাৰি কৰি দিয়াৰ প্রতিশ্রুতি দিয়ে৷ শেনমেলা নামঘৰ সত্র পৰিচালনা সমিতিয়ে ১৭০৩ দাগৰ ১ বিঘা মাটি শেনমেলা মহিলা সমিতিৰ নামত, ৪ বিঘা মাটি শেনমেলা শিশু উদ্যান আৰু খেলপথাৰৰ নামত আৰু ২ বিঘা মাটি শেনমেলা দৌলোৎসৱ সমিতিৰ নামত পট্টাকৰণৰ প্রস্তাৱ উত্থাপন কৰে৷ সেইমর্মে চিঠাবহীত এই তথ্য সন্নিৱিষ্ট কৰা হয়৷ পৰৱর্তী সময়ত শেনমেলা নামঘৰ সত্র পৰিচালনা সমিতিয়ে কামৰূপ (ম) উপায়ুক্তৰ কার্যালয়ৰ পৰা দিছপুৰলৈ বাট কুৰি বাই থাকে যদিও তেওঁলোকৰ কাম আজিলৈকে নিসিজিল৷ তাৰ মাজতে দৌলোৎসৱৰ বাবে ভিঠা নির্মাণৰ কাম আগবঢ়াই নিয়ে স্থানীয় লোকসকলে৷ কিন্তু এইবাৰ দৌলোৎসৱৰ ভিঠাত চকু পৰে এটা ভূ–মাফিয়া বাহিনীৰ৷ কেবাজনো ভূ–মাফিয়াই সঘনে বেতকুছিলৈ গৈ শেনমেলা নামঘৰ দৌলোৎসৱৰ বাবে সংৰক্ষিত ভূমিৰ জোখ–মাখ ল’বলৈ আৰম্ভ কৰিছে৷
স্থানীয় লোকসকলে এনে কার্যত বাধা আৰোপ কৰাত ভয় ভাবুকিও প্রদর্শন কৰিছে৷ আনকি মাফিয়া বাহিনীটোৱে তেওঁলোকৰ লগত দিছপুৰৰ এচাম বৰমূৰীয়া আৰু এটা জনগোষ্ঠীয় সংগঠনৰ সমর্থন আছে বুলিও উচ্চ বাচ্য কৰে৷ উত্থাপিত অভিযোগ অনুসৰি স্থানীয় মণ্ডল আৰু কামৰূপ (ম) জিলা উপায়ুক্ত কার্যালয়ৰ এগৰাকী বিষয়াৰ সহযোগত মাফিয়া বাহিনীটোৱে দৌলোৎসৱৰ ভিঠাৰ ২ বিঘা মাটি দখল কৰাৰ ব্লুপ্রিণ্ট প্রস্তুত কৰিছে৷ বেতকুছিৰ সত্রৰ ভূমিত চলা মাফিয়াৰ দপ্দপনিয়ে এতিয়া স্থানীয় লোকসকলকো শংকিত কৰি তুলিছে৷
শেহতীয়াকৈ শেনমেলা নামঘৰ সত্রৰ ভূমিডৰালৈ আহ–যাহৰ পথ কিছু সুগম হৈ পৰাৰ পাছৰে পৰা অনেক দুষ্টচক্রই ছলে–বলে কৌশলে ভূমি বেদখলৰ চেষ্টা চলাই আহিছিল৷ কিন্তু ৰাইজৰ বাধাৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠা নাছিল৷ কিন্তু এতিয়া দিছপুৰৰ নাম লৈ ভূ–মাফিয়াৰ দলে দপদপনি আৰম্ভ কৰাৰ পাছত সত্র পৰিচালনা সমিতিৰ দুশ্চিন্তা আৰম্ভ হৈছে৷ শেনমেলা নামঘৰ সত্র পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ৰমেন দাসে ঐতিহাসিক সত্রখনৰ ভূমিক ৰক্ষণাবেক্ষণ দি খালী হৈ থকা ভূমিভাগ দৌলোৎসৱ উদ্যাপন সমিতিৰ নামত নামজাৰি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে৷
প্রণিধানযোগ্য যে শাসনাধিষ্ঠিত বিজেপি দলৰ যোৱা নির্বাচনৰ এটা প্রধান প্রতিশ্রুতি আছিল৷ এই প্রতিশ্রুতি যোৱা ৪ বছৰত কিমানদূৰ পূৰণ হ’ল সেয়া ৰাইজে বিচাৰ কৰিব৷ কিন্তু দিছপুৰৰ সমীপত সত্রৰ ভূমিত আৰম্ভ হোৱা ভূ–মাফিয়াৰ দপদপনিয়ে কেৱল ঐতিহাসিক স্থানৰ প্রতিয়ে নহয় সর্বসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্রতিও ভাবুকি কঢ়িয়াই আনিছে৷