নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত পাকিস্তানৰ গুলীবৰ্ষণ, জোৱান নিহত

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ যুদ্ধবিৰতি উলংঘাৰে ভাৰত-পাক সীমান্তৰ পুঞ্চ ছেক্টৰত আজি পুৱা পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীচালনাত এগৰাকী ভাৰতীয় জোৱান নিহত হয়।

সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত সপ্তাহটোত জম্মু-কাশ্মীৰ সীমান্তৰ প্ৰতিটো ছেক্টৰতে অপ্ৰৰোচিত গুলীচালনাৰে পাকিস্তানে যুদ্ধবিৰতি চুক্তি ভংগ কৰি আহিছে।

জম্মু-কাশ্মীৰ সীমান্তৰ বাৰামূলা জিলাৰ ৰামপুৰ ছেক্টৰতো আজি পুনৰ মৰ্টাৰেৰে আক্ৰমণ কৰে পাকিস্তানে। ৰামপুৰ ছেক্টৰত বিগত তিনি দিনত এয়া পাকিস্তানৰ দ্বিতীয় আক্ৰমণ।

You might also like