বোকাজানৰ নগৰাঞ্চলৰ দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কাৰ্য পৰিদৰ্শন বিধায়ক ডা০ নোমল মমিনৰ
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ বোকাজান নগৰাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ ২০১৯ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আঁচনিৰ অধীনত ৪০ টাকৈ ঘৰ বোকাজান পৌৰসভাৰ অধীনৰ দৰিদ্ৰ হিতাধিকাৰীসকলক প্ৰদান কৰিছিল । ২ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া নগৰাঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনৰ গৃহ নিৰ্মাণৰ কাম আজি পৰ্যবেক্ষণ কৰে বোকাজানৰ বিধায়ক ডা০ নোমল মমিনে ।
এই পৰিদৰ্শনকালত বিধায়কগৰাকীয়ে বোকাজানৰ নগৰাঞ্চলত প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৪০ টা গৃহৰ ভিতৰত ৩৭ টা গৃহ পৰিদৰ্শন কৰে আৰু ঘৰসমূহ অতি সুন্দৰকৈ কাম সম্পূৰ্ণ হোৱা বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ।
বাকী ৩ টা গৃহ মহামাৰী লকডাউনৰ বাবেই নিৰ্মাণকাৰ্য বৰ্তমানেও অসম্পূৰ্ণ হৈ আছে বুলিও তেওঁ জানিবলৈ দিছে । উল্লেখ্য যে বোকাজান পৌৰসভাৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজানৰ গৃহ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কালতে বিধায়কগৰাকীয়ে এই কথাও জানিবলৈ দিয়ে যে এই সন্দৰ্ভত তেওঁ পীযূষ হাজৰিকাক লগ কৰি সকলো তথ্য দাখিল কৰাৰ লগতে পুনৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত প্ৰায় ১০০০ ঘৰ বোকাজান পৌৰসভাৰ অধীনৰ দৰিদ্ৰ লোকসকলক প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে ।