বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: অসমবাসীৰ জনহিতাৰ্থে সুদীৰ্ঘ কাল সেৱা আগবঢ়াই অহা নৱম অসম আৰক্ষী বাহিনীৰ আজি ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ এই বিশেষ দিনটোত পুৱাৰে পৰা বাহিনীটোৱে পালন কৰে বিভিন্ন কাৰ্যসূচী। বাহিনীটোৰ প্ৰতিষ্ঠা দিবসৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ আৰক্ষী বাহিনীৰ মধ্য মণ্ডলৰ উপ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানটোৰ আঁত ধৰে বাহিনীটোৰ অধিনায়ক বিবেকানন্দ দাসে ।
অনুষ্ঠানত বাহিনীটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়া, বঢ়মপুৰৰ বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিসকলো উপস্থিত থাকে। উল্লেখ্য যে, বাহিনীটোৰ প্ৰতিষ্ঠা দিবসৰ পৰম্পৰা ৰক্ষা কৰি এটা বৃহৎ কেক্ কটাৰ লগতে বাহিনীৰ আৰক্ষী জোৱানসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, গীত পৰিবেশন আদি অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয় আৰু নিশালৈ এক সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ অন্ত পৰিব।