বৰং মজদুৰ গাঁৱত লালী নদীৰ খহনীয়া, কেবাটাও পৰিয়াল উছন যোৱাৰ উপক্ৰম
নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ জোনাই ৰাজহ চক্ৰৰ বৰং অঞ্চলৰ বৰং মজদুৰ গাঁৱত লালী নদীৰ সূঁতিয়ে খহনীয়া সৃষ্টি কৰিছে। যোৱা এমাহৰ আগতে লালী নদীৰ বাঢ়নী পানীয়ে গালীঘাটৰ পৰা কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ কেবাটাও অংশত ছিঙি পেলোৱাৰ লগতে নদীখনৰ এটা সূঁতি গালী পথাৰৰ পিনে সোমাই থানবিল হৈ বুঢ়ীসূঁতি নদীত সংযোগ হৈছে।
বুঢ়ীসূঁতি নদীৰ সৈতে লালী নদীৰ সূঁতি সংযোগ হোৱাৰ পিছত বৰং অঞ্চলৰ বৰং মজদুৰ গাঁৱত সৃষ্টি হৈছে খহনীয়াৰ
লালী বুঢ়ীসূঁতি নদীৰ খহনীয়াৰ কবলত পৰি বৰং মজদুৰ গাঁৱৰ ৰামনৰেশ কুৰ্মী, অধেশ কুৰ্মী, গনেশ কুৰ্মী, বীৰেন্দ্ৰ ওৰাং, দোলা ওৰাং, ৰবিন গগৈৰ ঘৰভেটি উছন যোৱাৰ উপক্ৰম হৈছে।আনহাতে লালী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত আছে বৰং কৃঞ্চপুৰস্থিত সামাজিক বনানীকৰণৰ বনাঞ্চলত ।লালী নদীৰ খহনীয়া কবলৰ
পৰা ১৯৯৮ চনত অসম চৰকাৰৰ বন বিভাগে ৰূপায়ণ কৰা বনাঞ্চলৰ চাৰি ভাগৰ এভাগহে বাচি আছে।
খহনীয়া প্ৰতিৰোধৰ বাবে কোনো শক্তিশালী আঁচনি নকৰাৰ বাবে সামাজিক বনানীকৰণ বিভাগৰ শিমলু, চিচু, কৰৈ, জামু আদি মূল্যৱান গছবোৰ লালী নদীৰ বুকুত জাহ গৈ আছে।
কৰবী দলে, জোনাই