বৰগাং হাইস্কুলত বিশ্বনাথ জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আয়োজন
নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : ৩০ সংখ্যক বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহ অহা ২ নৱেম্বৰ তাৰিখে বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ব। বিশ্বনাথ জিলাৰ শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱা অনুসৰি বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্তৰঞ্জন ৰয়ৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আয়োজন তীব্ৰগতিত আগবাঢ়িছে। বিশ্বনাথ জিলাৰ ১০ বছৰৰ পৰা ১৭ বছৰ বয়সৰ প্ৰায় পাঁচশতাধিক শিশু বিজ্ঞানীৰ লগতে দুই শতাধিক তত্ত্বাৱধায়ক শিক্ষকে উক্ত বিজ্ঞান প্ৰকল্পৰ বিশাল সমাৰোহত অংশগ্ৰহণ কৰিব। ‘“সুস্বাস্থ্য আৰু সৰ্বাঙ্গীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আহা’” শীৰ্ষক বিষয়ৰ ওপৰত প্ৰস্তুত কৰা প্ৰকল্প সমূহ ছয়দুৱাৰ মহাবিদ্যালয়, বিহালী ডিগ্ৰী কলেজ, বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ২০ গৰাকী পাৰদৰ্শী ব্যক্তিয়ে মূল্যায়ন কৰিব। কালি বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, উপ-সভাপতি ড০ ৰত্ন কিংকৰ গোস্বমী, শৈক্ষিক সমন্বয়ক ড০ দেৱাশিষ শৰ্মা, সহকাৰী শৈক্ষিক সমন্বয়ক ড০ ললিত বৰুৱাই বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ লগত আলোচনা কৰি সমাৰোহৰ অগ্ৰগতিৰ বুজ লয়।