বৰছলাত কৃষি বান্ধ নির্মাণৰ নামত গুৰুতৰ জালিয়াতি
নিয়মীয়া বার্তা, ১ জুনঃ সাধাৰণ ৰাইজৰ কল্যাণৰ লগতে কৃষক ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে যদিও এই আঁচনিসমূহত হোৱা ব্যাপক বিসংগতি আৰু দুন্তিৰ ফলত প্রকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ লগতে ৰাইজৰ হিতৰ বিপৰীতে একাংশ শাসনাধিষ্ঠিত লোকৰহে উন্নতি হোৱাৰ বহু অভিযোগ সততে উত্থাপন হৈ আহিছে৷
শেহতীয়াকৈ প্রধানমন্ত্রী কিষাণ নিধি আঁচনিত সংঘটিত হোৱা ব্যাপক বিসংগতি আৰু দুন্তিৰ বাতৰিৰ মাজতে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিত সংঘটিত হোৱা আন এক ভয়ংকৰ দুন্তিয়ে সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ এই সন্দর্ভত উত্থাপিত হোৱা এক গুৰুতৰ অভিযোগ অনুসৰি এইবাৰ পত্নীক ঢ়াল হিচাপে লৈ বিভিন্ন আঁচনিৰ ধন লুণ্ঠনত নামিছে ঠিকাদাৰ স্বামী৷ পৰিণতিত ৰাইজৰ ঘৃণাৰ পাত্র হৈছে বিজেপিৰ জনপ্রতিনিধিগৰাকী৷
প্রাপ্ত অভিযোগ অনুসৰি, বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত বৰগাঁও জিলা পৰিষদৰ সদস্যা ৰিতুমণি দেৱী আৰু তেওঁৰ স্বামী ঠিকাদাৰ দুলাল নাথে দুখনকৈ আঁচনি গ্রহণ কৰি সমুদায় ধন আত্মসাৎ কৰাত এতিয়া কৃষকৰ বিলাই–বিপত্তি নোহোৱা হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পূব বৰগাঁও পঞ্চায়তৰ দীঘলী বিলৰ পৰা গাৱৈয়া পথাৰ হৈ জহামাৰী গাঁৱৰ পথাৰলৈ নির্মাণ কৰা হৈছিল এটা কৃষি বান্ধ৷ কৃষি বান্ধৰ নামত আচলতে পথাৰৰ মাজত নলা এটাহে নির্মাণ কৰা হৈছিল৷ এই নলা নির্মাণৰ বাবে প্রথমে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ নামত আবণ্টন হৈছিল ৯ লাখ ৭৩ হাজাৰ টকা৷ সেই একেটা কামৰ বাবে পুনৰ ২০১৯–২০ বর্ষতেই ভূমি সংৰক্ষণ বিভাগৰ পৰা আবণ্টিত হ’ল আকৌ ২৯ লাখ টকা৷ বান্ধটোৰ একাংশ এনৰেগা আঁচনিত শ্রমিকৰ সলনি কৰা হ’ল জেচিবিৰ ব্যৱহাৰ৷ একেদৰে ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা লাভ কৰা ২৯ লাখ টকাৰ সিংহভাগেই লুণ্ঠন কৰিলে জিলা পৰিষদৰ সদস্যা ৰিতুমণি দেৱী আৰু তেওঁৰ স্বামী ঠিকাদাৰ দুলাল নাথে৷ আন ঠিকাদাৰৰ নামত সম্পূর্ণ কামৰ ঠিকা লৈছিল দুলাল নাথে৷ এতিয়া কৃষি বান্ধটো এটা বছৰ নৌহওঁতেই চাৰি ঠাইত ছিঙি যোৱাত কৃষকৰ বিলাই–বিপত্তি নোহোৱা হোৱাত স্বাভাৱিকতে স্থানীয় ৰাইজৰ মাজতব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ অভিযোগ অনুসৰি, কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে নির্মাণ কৰা নহ’ল এই বান্ধটো৷ ইয়াৰ বাবেই এতিয়া ক্রমশঃ য’তে–ত’তে ছিঙি যোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷
উল্লেখ্য যে কৃষি বিভাগৰ কোনো পৰীক্ষা নোহোৱাকৈ জধে–মধে নির্মাণ কৰাৰ বাবেই এই বান্ধে এতিয়া বিপদ মাতিছে কৃষকলৈ৷ এনেদৰেই এতিয়া এইসকল বিজেপি নেতা–কম্য়ে বিধায়ক গণেশ লিম্বুৰ আশীর্বাদতে লুণ্ঠন চলাই চৰকাৰী আঁচনিক প্রহসনত পৰিণত কৰাৰ অভিযোগ ডত্থাপন হৈছে৷ কেৱল এয়াই নহয়, অগাধ সম্পত্তিৰ মালিক এই দুলাল নাথ আৰু তেওঁৰ পত্নী জিলা পৰিষদৰ সদস্যা ৰিতুমণি দেৱীৰ লুণ্ঠনৰ আন বহু কাহিনীয়েও এতিয়া স্থানীয় ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷