নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ঠেঙাল কছাৰী স্বাঃ শাঃ পৰিষদৰ চাৰিটাকৈ কামৰ উদ্বোধন: কাৰ্যবাহী সদস্য পাৰ্থ প্ৰতীম শইকীয়াৰ প্ৰচেষ্টা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বৰহোলা সমষ্টিৰ চাৰিটাকৈ স্থানত আজি পৰিষদৰ সমষ্টি উন্নয়ণ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা চাৰিটা কামৰ শুভ উদ্বোধন কৰা হয়। পৰিষদৰ বৰহোলা সমষ্টিৰ কাৰ্যবাহী সদস্য পাৰ্থ প্ৰতীম শইকীয়াৰ প্ৰচেষ্টাত অলপতে সম্পূৰ্ণ হৈ উঠা পাঁচ লাখ টকাৰ বৰহোলাৰ ত্ৰিৱেণী সংযোগী পথৰ মেৰামতি, তিনি লাখ টকাৰ মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠক স্মৃতি তোৰণ, পাঁচ লাখ টকাৰ ৰজাবাৰী সপ্তাহিক বজাৰ গৃহত ৰাজহুৱা শৌচালয় আৰু পাঁচ লাখ টকাৰ ৰজাবাৰী হনুমান মন্দিৰ সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়। কাৰ্যসূচীত বৰহোলাৰ সমষ্টিৰ সদস্য পাৰ্থ প্ৰতীম শইকীয়াৰ লগতে নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী উপস্থিত থাকি চাৰিওটা সম্পূৰ্ণ কামৰ ফিটা কাটি শুভ উদ্বোধন কৰে। কাৰ্যসূচীত বিজেপিৰ বৰহোলা মণ্ডলৰ সভানেত্ৰী প্ৰমীলা সোণোৱাল, ৰজাবাহৰ পঞ্চায়তৰ সভাপতি ৰাজেন শইকীয়া আদিয়েও অংশগ্ৰহণ কৰে। উল্লেখ্য যে বৰহোলাৰ ত্ৰিৱেণী সংযোগী পথ আৰু ৰজাবাৰী হনুমান মন্দিৰ সংযোগী পথৰ বিধ্বস্ত অৱস্থাই দীৰ্ঘদিন ধৰি অঞ্চলকেইটাৰ ৰাইজক যাতায়তত দুৰ্ভোগ ভোগাই আহিছিল। শেষতীয়াকৈ পথ দুটা মেৰামতিৰ বাবে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে লোৱা এনে পদক্ষেপে ৰাইজক যথেষ্ট সকাহ দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ৰাইজে মত প্ৰকাশ কৰিছে। ইফালে মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠকৰ স্মৃতি তোৰণ নিৰ্মাণ কৰি মুক্তিযোদ্ধা গৰাকীৰ কৰ্মৰাজী তথা আদৰ্শক চিৰদিনলৈ জীয়াই ৰখাৰ স্বাৰ্থত বৰহোলা সমষ্টিৰ সদস্য পাৰ্থ প্ৰতীম শইকীয়াই গ্ৰহণ কৰা এনে আদৰণীয় পদক্ষেপকো শলাগ লৈছে বৰহোলাৰ সচেতন মহলে। আনহাতে বৰহোলাৰ এটা বৃহত্তৰ অঞ্চল ৰজাবাৰীৰ বজাৰৰ সমীপত এটা ৰাজহুৱা শৌচালয়ৰ দীৰ্ঘদিনে প্ৰয়োজনীয়তা আছিল। শেষতীয়াকৈ ঠেঙাল কছাৰী পৰিষদৰে পাঁচ লাখ টকা ব্যয় কৰি একোটা বৃহৎ শৌচালয় নিৰ্মাণ কৰি ৰাইজৰ সুবিধা কৰি দিয়ে। একে দিনাই এনেদৰে সদ্য সমাপ্ত চাৰিটাকৈ উন্নয়ণ মূলক কামৰ উদ্বোধন কৰি বৰহোলা সমষ্টিৰ সদস্য পাৰ্থ প্ৰতীম শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় — ‘ৰাইজৰ সুবিধা হোৱাকৈ এনেদৰে কাম কৰিবলৈ পোৱাত সচাকৈ সুখী হৈছোঁ। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা কেইটা সমাধানৰ বাবে যেনেদৰে আমি কাম আৰম্ভ কৰিছিলো তেনেদৰে আজি শেষ কৰিছো। ইয়াৰ পিছতো আমাৰ বহুত কাম থাকিব। পুনৰ মেৰামতিৰো প্ৰয়োজন হ’ব পাৰে। গতিকে আগন্তুক দিনবোৰতো এই সমূহ চোৱা চিতাৰ ক্ষেত্ৰত বিশেষকৈ মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠক স্মৃতি তোৰণখন বেলেগ কিবা পুঁজি নহলেও ব্যক্তিগত সামৰ্থৰে প্ৰতিপালন কৰি যাম”। তেওঁ আৰু কয় যে সমষ্টিটোৰ বাবে আৰু যথেষ্ট কাম কৰিব লগা আছে। ৰাইজৰো ওজৰ আপত্তি আছে। গতিকে আগন্তুক দিনত সকলোবোৰ সুচাৰুৰূপে সমাধান কৰিবলৈ যৎপৰুনাস্তি চেষ্টা কৰি যাব বুলি প্ৰকাশ কৰে পাৰ্থ প্ৰতীম শইকীয়াই।

অজয় শইকীয়া, নগাবাট

You might also like