বৰহোলাত বহুকেইজন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ খাদ্য সামগ্ৰী বিতৰণ
খাদ্য সংকটত পৰা বহু পৰিয়ালৰ কিছু সকাহ
নিয়মীয়া বাৰ্তা, নগাবাট, ১০ এপ্ৰিলঃ বিশ্বব্যাপী ক’ৰোনা ভাইৰাছৰ বাবে বলবৎ হৈ থকা লকডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে তিতাবৰ মহকুমাৰ গ্ৰামাঞ্চলসমূহৰ জনসাধাৰণো খাদ্য সংকটৰ সন্মুখীন হৈছে। এই লোকসকলক অলপ সকাহ দিয়াৰ উদ্দেশ্যে মহকুমাটোৰ বহুকেইজন মানৱদৰদী লোক আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে নিজা প্ৰচেষ্টাত বিভিন্ন পদক্ষেপ হাতত লৈছে।
বৰহোলাৰ বন্ধুত্ব সংঘৰ সদস্যসকলে মিলি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা প্ৰায় অৰ্ধশতাধিক পৰিয়ালক আলু, দাইল, তেল, পিয়াঁজ আদি অত্যাৱশ্যকীয় বিভিন্ন খাদ্যসামগ্ৰী বিতৰণ কৰে বুলি সংঘৰ সভাপতি দীপক সোণোৱাল আৰু সম্পাদক ধ্ৰুৱজিৎ পাঠকে জানিবলৈ দিছে।
বালিজান মিচিং গাঁৱৰ সচেতন যুৱক নিৰজ টাইডে নিজা প্ৰচেষ্টাত বালিজানৰ প্ৰায় ৩০ টা পৰিয়ালক খাদ্যসামগ্ৰী বিতৰণ কৰে। তিতাবৰৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ পৰিদৰ্শক সঞ্জীৱ ভূঞাই বৰহোলাৰ শিপিনী সকলৰ প্ৰায় ৩০ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। নগাবাট অন্নপূৰ্ণা গাঁৱৰ একাংশ সচেতন যুৱকে মিলি গাঁওখনৰ লগতে নগাবাটৰ পথৰ কাষে কাষে ছেনিটাইজেশ্যন কৰে। নগাবাটৰ শুকানজান গাঁৱৰ যুৱক পিতাম্বৰ চুতীয়াই (পাপুল) নিজৰ টকাৰে নগাবাট, নাগিনীজুৰি, মিলনভূমি আদিৰ কেইবাটাও পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।
ইফালে বালিজানৰ যুৱ ব্যৱসায়ী মোজামিল আলি, বাগৰদিয়াৰ যুৱ সমাজ সেৱক প্ৰবীন কুৰ্মী, বৰহোলাৰ শিক্ষক পদ্মধৰ ৰাজখোৱা, ৰজাবাহৰৰ শিক্ষক গ্লেডবিন খুদী, শিক্ষয়িত্ৰী তৰালী গগৈ, বিদ্যালয়ৰ কৰ্মচাৰী ঋতু বৰুৱা আদিয়েও এনে পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে। বালিজানৰ যুৱ ব্যৱসায়ী মোজামিল আলিয়ে অকলেই এখন গাড়ীত খাদ্য সামগ্ৰীবোৰ কঢ়িয়াই ঘৰে ঘৰে বিতৰণ কৰে। বাগৰদিয়াৰ সমাজ সেৱক প্ৰবীণ কুৰ্মিয়ে বৰ্তমানেও বিভিন্ন অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কাৰ্য অব্যাহত ৰাখিছে।
বেকাজানৰ বেটেলিয়ান কেম্প, চেনিজানৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদয়পুৰ প্ৰাথমিক শাখা, নগাবাটৰ পানীখেতি আৰক্ষী চকীৰ বিষয়া সকলেও চুবুৰীয়া কেইবাখনো গাঁৱৰ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে। খাদ্য সংকটে দেখা দিয়া বৰ্তমানৰ পৰিস্থিতিত মানৱদৰদী লোকসকলৰ এনে পদক্ষেপে বহু পৰিয়ালক সকাহ দিয়া পৰিলক্ষিত হৈছে।