নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক উপত্যকাত ব্যাপক উৎসাহ উদ্দীপনাৰে হোলি আৰু বসন্ত উৎসৱ পালন

নিয়মীয়া বাৰ্তা,১৮ মাৰ্চঃ সমগ্র ৰাজ্যৰ লগতে বৰাক উপত্যকাতো ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে হোলি আৰু বসন্ত উৎসৱ । কভিড পৰিস্হিতিৰ বাবে বিগত দুই বছৰ হোলি আৰু বসন্ত উৎসব পালনৰ পৰা বঞ্ছিত বৰাকবাসীয়ে এইবাৰ হিলদল ভাঙি ওলাই আহিছে হোলি আৰু বসন্ত উৎসব পালন কৰিবলৈ । ব্যতিক্রম নহয় শিলচৰবাসীও । শিলচৰত বিভিন্ন সাংস্কৃতিক সংগঠনে ঠায়ে ঠায়ে আয়োজন কৰিছে বসন্ত উৎসবৰ । বসন্ত উৎসব উপলক্ষে নৃত্যায়ণ সাংস্কৃতিক সংগঠনটোৱে
শুকুৰবাৰে শিলচৰত এক সাংস্কৃতিক শোভাযাত্রা উলিয়ায় । এই সাংস্কৃতিক শোভাযাত্রাত কণকণ শিশু সহ যুবক যুবতী সকলে অংশ গ্রহন কৰি বসন্ত উৎসবত মতলীয়া হৈ পৰে । ইজনে সিজনক আভিৰ সানি হোলি আৰু বসন্ত উৎসবক আদৰাৰ লগতে বাঙালী সকলৰ জনপ্রিয় ধামাইল নৃত্য আৰু ডাণ্ডী নৃত্য পৰিবেশন কৰি মতলীয়া হৈ পৰে । শোভাযাত্রাকাৰী সকলে চহৰৰ বিভিন্ন পথ পৰিক্রমা কৰি নৰছিংটোলা পথাৰত সমবেত হয় । তাতে আয়োজন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠানৰ । কণকণ শিশু, যুবক যুবতীৰ লগতে বিভিন্ন বয়সৰ লোক সকলে এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন নৃত্য আৰু সংগীত পৰিবেশন কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে । ভবিষ্যত প্রজন্মই যাতে এই পৰম্পৰা অক্ষুণ্ণ ৰাখে সেই উদ্দেশ্যেই বসন্ত উৎসব পালন কৰা হয় বুলি মন্তব্য কৰে আয়োজক সকলে । আভিৰৰ ৰঙে যাতে সকলোকে ৰঙীণ কৰি তোলে তাৰে কামনা কৰিছে নৃত্যায়ণ সাংস্কৃতিক গোষ্ঠীয়ে ।

You might also like