ভকতি দুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : ভকতিদুৱাৰ হল এক ইতিহাস প্ৰসিদ্ধ অঞ্চল ৷ যাৰ নামে সোঁৱৰাই আহোম ৰাজত্ব কালৰ অলেখ স্মৃতি চিহ্ন ৷ যাৰ নামৰ সৈতে জড়িত হৈ আছে স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰাঙলীবাহাৰত বাহাৰ পাতি চৰাইচুংত কনুৱা , শেনচৰাইৰ যুঁজ উপভোগ কৰাৰ কথা ৷ এই ঐতিহ্যমণ্ডিত বহত্তৰ ভকতিদুৱাৰ অঞ্চলৰ ১৫/২০ খন গাঁৱক লৈ ১৯৭২ চনতেই প্ৰতিস্থা হৈছিল ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰ ৷ বৰ্তমান ৫০ বছৰ গৰকা জ্যোতি ৰংঘৰৰ সোনালী জয়ন্তী বৰ্ষৰ সফল সামৰনি অনুষ্ঠানৰ আজি তৃতীয় দিনাৰ মুকলি সভাৰ কাৰ্যসূচীৰ অন্যতম আৰ্কষন ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰৰ দাপোণ স্বৰূপ প্ৰথম প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘জ্যোতিশিখা’ উন্মোচন কৰে গড়মুৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাক্ষা ৰেনুমালা দত্তই ৷ ভকতিদুৱাৰ অঞ্চলৰ ঐতিহ্য বিজৰিত চৰাইচুং , ভকতিবিল , নৰসিংহ সত্ৰকে ধৰি অঞ্চলৰ গৌৰৱ বৰ্তাই ৰখা ঐতিহ্যমণ্ডিত স্থান সমুহে মাজুলীৰ পৰ্যতন ক্ষেত্ৰক এক মাইলৰ খুটি প্ৰদান কৰি অহাৰ ওপৰত ভাষন প্ৰদান কৰি স্মৃতিগ্ৰন্থ উন্মোচক গৰাকীয়ে ভকতিদুৱাৰ অঞ্চলৰ মহিলা সকলৰ সেৱাভাৱ , সমাজৰ বাবে থকা সহযোগিতাপূৰ্ণ দিশৰ শলাগ লয় ৷ ভকতিদুৱাৰ অঞ্চলৰ পৰা শিক্ষা – দীক্ষা গ্ৰহন কৰি এই অঞ্চলক প্ৰতিনিধিত্ব কৰি মাজুলীৰ বাহিৰত থকা সকলৰ কথা সোৰৱে , এই অঞ্চলৰ পৰা গৈ সাহিত্য চৰ্চা কৰি নিজৰ নাম উজ্বলাই তুলাৰ লগতে অঞ্চলৰ মান বঢ়োৱা সাহিত্যিক সকলৰো শলাগ লয় ৷ ইয়াৰ পিছতেই নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ফুলনি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক যোগেশ্বৰ বৰাই ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰৰ জন্মবৃত্তান্তৰ আৰৰ কথা আৰু ৰংঘৰৰ ৰাসৰ স্মৃতি সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ অঞ্চলটোৰ ১২ ৰ পৰা ১৫ খন গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগত এই ৰংঘৰে ৫০ টা বৰ্ষত ভৰি দিয়াৰ গৌৰব গাঠাৰ কথা এই অঞ্চলৰ গৌৰবময় ঐতিহ্য আৰু ৰাস মহোৎসৱৰ বিভিন্ন তত্ব সোৱৰি ৰসাল বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পিছতেই বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই যুৱ নেতা বিতুপন দলেই যুৱক সকল দেশৰ ভৱিষ্যত , যুৱক সকলে সমাজ খনক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হলে সমাজৰ বাবে অহা প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হব লাগিব , আমি সদায় সন্মুখিন হোৱা সমস্যা সমুহ যুৱক সকলে সততা আৰু সাহসেৰে দুৰিকৰন কৰিবলৈ যুৱক সকল আনৰ ওপৰত নিৰ্ভৰশীল নহৈ স্বনিৰ্ভৰশীল হব লাগিব ৷ দেশ সেৱাৰ বাবে সকলো যুৱকেই আজিৰ তাৰিখত পন লব লাগিব বুলি মন্তব্য কৰি যুৱক সকলক প্ৰভাব পেলাব পৰা এক মননশীল বক্তব্য প্ৰদান কৰে , বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি মাজুলী জিলা বিজেপিৰ সভাপতি বিৰেন শইকীয়াই ভকতিদুৱাৰ অঞ্চলত পাৰ কৰা শৈশৱৰ দিন সোৱৰী ভকতিদুৱাৰ ৰংগমঞ্চৰ উত্তৰোত্তৰ কামনা কৰে ৷ জোনাকী ছমহীয়াআটি আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰদেৱ গোস্বামীয়ে সঞ্চালনা কৰা মুকলি সভা খন উদ্ধোধন কৰি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তোলেন চুতীয়াই সমাজৰ হিতৰ বাবে সমাজৰ মংগলৰ বাবে এই অঞ্চলৰ যুৱক-যুৱতি সকলক আগবঢ়াই দিয়াৰ বাবে ভকতিদুৱাৰ আঞ্চলিক জ্যোতিৰংঘৰৰ কৰনীয় আৰু বিগিত সময়ত কৰি অহা সৎ কামৰ বাবেই আজি ৫০ বছৰীয়া এক সুন্দৰ অনুষ্ঠানত পৰিগনিত হল বুলি মন্তব্য কৰে ৷ সভা খনত বিশিষ্ট ব্যক্তি হিচাপে ভাষন প্ৰদান কৰি ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণৰাম বৈৰাগীয়ে ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰ , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুৰিৰো অধিক গাঁৱক সামৰি যি বৃহত্তৰ ভকতিদুৱাৰ অঞ্চল গঠিত এই বৃহত্তৰ অঞ্চল টোৰ মান-মৰ্যদা বৰ্তাই ৰাখিবলৈ কৰিব লগা কৰনীয় খিনিৰ ওপৰত বিশ্লেষনাত্মক ভাষন কৰে ৷ ইফালে সঞ্চালকৰ ভাষনত দেৱেন্দদেৱ গোস্বামীয়ে ভাৰতীয় – ঐতিহ্য পৰম্পৰা আৰু অসমীয়া সমাজ জীৱনক সামৰি বহু তত্বগধুৰ ভাষন প্ৰদান কৰি ভকতিদুৱাৰ অঞ্চলিক জ্যোতি ৰংঘৰৰ দীৰ্ঘায়ু কামনা কৰে ৷ গুৰুদুজনাৰ অমিয়া সৃষ্টি ৰাজী ভকতিদুৱাৰ অঞ্চলত উজ্জীৱিত হৈ থকা দিশ সমুহৰ ওপৰতো বহল বাখ্যা আগবঢ়াই ৷ অপসংস্কৃতিয়ে ক্ৰমান্বয়ে গ্ৰাস কৰা , আমাৰ কেৰুন লাগিবলৈ ধৰা সমাজ খনক সৎপথৰ সন্ধান দিবলৈ হলে আমি প্ৰত্যেকেই সততাৰে কাম কৰাৰ কথা উল্লেখ কৰে ৷ সভাখনত হৰিঘাট ৰাঙলীবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী দীপালী তামুলী , শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাকে ধৰি বহু কেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷ আনফালে আজি পুৱা পৰিৱেশ নিকাকৰনৰ পিছত পুৱা ১০ বজাৰ পৰা ভকতিদুৱাৰ , গোসাঁইবাৰী , কঠমীয়া , ৰাঙলীবাহাৰ , অভয়পুৰীয়া, চিৰামদেউৰী , চতাইপুৰ , মাৰেংগীয়া আদিকে ধৰি কাষৰীয়া গাঁও সমুহৰ মহিলা , পুৰুষ উভৈয়ে বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ গুৰুদুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন , অসমীয়াৰ প্ৰান বিহু নৃত্য , দেউৰী বিহু , চহা গ্ৰাম্য সমাজৰ পৰিচায়ক জাকৈ-খালৈ , নাঙল-জুৱলী আদি লৈ শুভযাত্ৰাত অংশগ্ৰহণ কৰে ।