নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভণ্ড প্রেমিকৰ ব্লেকমেইলিংঃ ছাত্রীৰ আত্মহত্যা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ নগৰবেৰাত ভণ্ড প্রেমিকৰূপী কলেজীয়া ছাত্র নামিল ব্লেকমেইলিঙত৷ গোপন ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে প্রেমিকাৰ পৰা মোটা অংকৰ ধন দাবী কৰে এজন কলেজীয়া ছাত্রই৷ বিচৰা মতে ধন দিব নোৱাৰি লাজে–ভয়ে প্রতাৰিত প্রেমিকাই বাছি ল’লে আত্মহননৰ পথ৷

এই ঘটনাটো নগৰবেৰা আৰক্ষী থানাৰ অন্তর্গত খামেৰী গাঁৱৰ৷ গাঁওখনৰ ছাত্রী এগৰাকীৰ বৰপেটা আলোপতিচৰ আৰক্ষী থানাৰ অন্তর্গত খাটিয়ামাৰী গাঁৱৰ আছাউদ্দিনৰ পুত্র আব্দুল আনিছ নামৰ এজন ছাত্রৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠে৷ পিছে আব্দুল আনিছে পৱিত্র প্রেমৰ নামতো প্রতাৰণা কৰিলে প্রেমিকাক৷ প্রেমিকাৰ অশ্লীল ভিডিঅ’ৰ ফাইল বনাই ব্লেকমেইলিঙত নামিল প্রেমিক আনিছ৷ প্রেমিকালৈ দিলে এক লাখ টকা আদায়ৰ চর্ত৷

ধন অনাদায়ে ভিডিঅ’ ভাইৰেল কৰাৰো ভাবুকি দিলে৷ প্রেমিকাই আদায় দিব নোৱাৰিলে এই মোটা অংকৰ ধনৰাশি৷ ধন আদায় দিব নোৱাৰি লাজে–ভয়ে মেধাৱী ছাত্রীগৰাকীয়ে বাছি ল’লে আত্মহত্যাৰ পথ৷ প্রেমিকাই মৃত্যুৰ পূর্বে লিখা ‘ছুইচাইড নোট’ উদ্ধাৰৰ পাছতহে পোহৰলৈ আহে এই সমগ্র ঘটনা৷ অভিযুক্ত আব্দুল আনিছ স্থানীয় এখন মহাবিদ্যালয়ৰে ছাত্র৷

ইতিমধ্যে ছাত্রীগৰাকীৰ পিতৃয়ে আনিছক অভিযুক্ত কৰি নগৰবেৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে৷

You might also like