নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ভূমি বিবাদঃ ছাগলীয়াত দুই  ফৈদৰ সংঘর্ষত মহিলাসহ আহত ১০

নিয়মীয়া বার্তা, ৩১ মে’: লকডাউনৰ মাজতে ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তর্গত বটেৰহাটৰ কৌমাৰীত ভূমি বিবাদক কেন্দ্র কৰি একে পৰিয়ালৰ দুই ফৈদৰ মাজতে প্রচণ্ড মাৰপিটত মহিলাসহ দহজন লোক আহত হয়৷ আহতসকলক হালাকুৰা চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ গাঁওখনৰ একেটা পৰিয়ালৰ মহম্মদ আৰু জাহাংগীৰ আলমৰ মাজত দীর্ঘদিন ধৰি এটুকুৰা ভূমিক কেন্দ্র কৰি বিবাদ চলি আছিল৷

শনিবাৰে দুয়োপক্ষৰ মাজত মাটি টুকুৰাক লৈ প্রথমে তর্কাতর্কি, পাছত মাৰপিট হয়৷ হাতে হাতে বাঁহৰ লাঠী আৰু চোকা অস্ত্রৰে আক্রমণ–প্রতিআক্রম কৰে দুয়ো পক্ষই৷ সংঘর্ষত এক্কাবৰ আলী, নৱাব আলী, ৰেহেনা বিবি, আমিনা খাতুন আৰু জাহাংগীৰ সৰকাৰকে ধৰি দহজন লোক আহত হয়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক হালাকুৰা চিকিৎসালয়ত ভর্তি কৰায়৷ ঘটনা সন্দর্ভত ছাগলীয়া আৰক্ষীয়ে ১২জন লোকক আটক কৰে৷

You might also like