নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি বিবাদঃ বৰভাগত পিতৃক ঘপিয়াই হত্যা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ এটা লোমহর্ষক হত্যাকাণ্ডই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে নলবাৰী জিলাৰ বৰভাগত৷ পুত্রৰ হাততে নিহত হয় এগৰাকী দুর্ভগীয়া পিতৃ৷ অঞ্চলটোৰ আৰংগমৌ গাঁৱত সংঘটিত হয় ঘটনাটো৷ গাঁওখনৰ প্রফুল্ল দাস নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যা কৰে পিতৃ পবিন দাসক ৷

ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে দুপৰীয়া প্রায় এক বজাত নিজ গৃহৰ চোতালতে শুই থকা পবিন দাসক পুত্র প্রফুল্ল দাসে এখন দাৰে উপর্যুপৰি ঘপিয়ায়৷ ঘটনাটোত থিতাতে নিহত হয় লোকজন৷ আকস্মিক ঘটনাটোৱে স্থানীয় ৰাইজৰ মাজত তীব্র চাঞ্চল্য সৃষ্টি কৰাৰ লগতে কমাৰকুছি আৰক্ষী চকীত খবৰ দিয়ে৷

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে প্রফুল্ল দাসক আটক কৰে৷ ঘটনাৰ সময়ত পাকঘৰত ভাত ৰান্ধি থকা মাতৃৰ ভাষ্য মতে বিগত কিছুদিন ধৰি মানসিক অসুস্থতাত ভুগি আছিল পুত্র প্রফুল্ল দাস৷

You might also like