ভূৰাগাঁৱত তীৰ -জুৱাৰ বিৰুদ্ধে অভিযান; ৬ জুৱাৰী আটক
নিয়মীয়া বাৰ্তা, ৩ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ তীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।এই অভিযানত ৬টা জুৱাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰি জব্দ কৰে নগদ ধন সহ দুখনকৈ বাইক ।কালি আবেলি আৰু নিশা ভূৰাগাঁও আৰক্ষীৰ এটি দলে গোপন সুত্ৰ পম খেদি তীৰ আৰু জুৱাৰ বিৰুদ্ধে ভূৰাগাঁও চাৰিআলিত অভিযান চলায় ।এই অভিযানত তিনিটা তীৰৰ বুকিক আটক কৰে ।তীৰৰ বুকি তিনিটা হল কিশোৰ দে , কমৰ উদ্দিনআৰু মহম্মদ ৰফিক । ভূৰাগাঁও চাৰিআলি এখন চাহৰ হোটেলত চলি আছিল এই তীৰৰ ঘাটি। তীৰৰ বুকিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় পাঁচ হাজাৰ টকাৰ লগতে এটা মবাইল, বহু পৰিমানৰ তীৰৰ বুক। আনহাতে ভূৰাগাঁও থানাৰ অন্তৰ্গত হলৌকান্দাতো বৃহস্পতি বাৰে নিশাই জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান ভূৰাগাঁও আৰক্ষীয়ে। আৰক্ষীৰ উপস্হিত হোৱাৰ লগে লগে বহু কেইটা জুৱাৰী পলায়ন কৰে যদিও আবুল বাশ্বাৰ নামৰ জুৱাৰিটো আৰক্ষীৰ জালত পৰে। নিশা আবুল বাশ্বাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পলায়ন কৰা আৰু দুই জুৱাৰী ক্ৰমে ছহিদুল আৰু চুলতান আলীক ১৫ হাজাৰ টকা সহ আটক কৰিবলৈ সক্ষম হয় ভূৰাগাঁও আৰক্ষীয়ে। তীৰ জুৱাৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষীৰ পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে।