নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ কোনো গুৰুত্ব নাই- ফণীভূষণ চৌধুৰী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত মঙলবাৰে লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত সভাক লৈ সৰৱ হৈ উঠিল দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী৷

মঙলবাৰে দুপৰীয়াৰ ভাগত অনুষ্ঠিত বৈঠক সন্দর্ভত মন্ত্রীজনে সাংবাদিকৰ আগত কয়– আমাৰ দলৰ সভাপতি অতুল বৰা৷ দলৰ সভাপতিয়ে আজি কোনো বৈঠকৰ আয়োজন কৰা নাই৷ গতিকে প্রফুল্ল মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনৰ কোনো গুৰুত্ব নাই৷ এইখন আমাৰ দলৰ বৈঠক কোনো যুক্তিতে নহয়৷ দুজনমান লোকে সভা কৰিলেই দলৰ সভা হ’ব নোৱাৰে৷ মই মহন্তক অনুৰোধ জনাইছোঁ তেওঁ যাতে দলৰ বেয়া হ’ব পৰা কাম নকৰে৷ এই সময়ত দলক শক্তিশালী কৰাৰ বাবে কাম কৰক৷ অসম বিধানসভাত মই আৰু মহন্ত সুদীর্ঘ ৩৪ বছৰে বিধায়ক হৈ আছোঁ৷ সেয়েহে মহন্তক মই অনুৰোধ জনাইছোঁ যে কিবা মনে নিসিজা কথা থাকিলে দলৰ মজিয়াত নেতৃত্বৰ সৈতে আলোচনা কৰক৷

মন্ত্রী ফণীভূষণ চৌধুৰীয়ে দলৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰা পবিন্দ্র ডেকাকো তীব্রভাৱে সমালোচনা কৰে৷ তেওঁ কয়– পবিন্দ্র ডেকাই যি কৰিছে ভাল কৰা নাই৷ এয়া তেওঁৰ নিজৰ বাবেও ভাল নহয়, দলৰ বাবেও নহয়৷ তদুপৰি প্রফুল্ল মহন্তৰ উদ্যোগত অনুষ্ঠিত সভাত অগপৰ শাখা কমিটী, আঞ্চলিক কমিটী, জিলা কমিটী বা কেন্দ্রীয় কমিটীৰ কোনো বিষয়ববীয়া উপস্থিত নাই৷ বৰং দলৰ পৰা বহিষ্কাৰ কৰা লোকসকলহে আছে৷

মন কৰিবলগীয়া যে মঙলবাৰে লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত বৈঠকখনত বিশেষ উদ্যোগ লৈছিল অগপৰ পৰা বহিষ্কাৰ হোৱা প্রণৱ গোস্বামী, নীৰেন শর্মা, ড০ অচিন মহন্ত, হৰেশ্বৰ ভূঞা আদি নেতাৰ লগতে ইতিমধ্যে পদত্যাগ কৰা তেজপুৰ আৰু নগাঁও জিলা কমিটীয়ে৷ তদুপৰি এই বৈঠকখন অনুষ্ঠিত কৰাত আগভাগ লৈছিল দলৰ পৰা পদত্যাগ কৰা গুণীন হাজৰিকা আৰু বার্কি প্রসাদ তেলেংগাই৷

You might also like