নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানুভৱতাঃ তিতাবৰত পেঞ্চনৰ টকাৰে কেইবা শ পৰিয়ালক খাদ্য সামগ্ৰী বিলালে এগৰাকী মহিলাই

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ বিশ্বব্যাপী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বলবৎ হোৱা লকডাউনৰ ফলত বিভিন্ন ঠাইৰ দৰিদ্ৰ পৰিয়ালত খাদ্য সংকটে দেখা দিছে। এনে জটিল সময়তে তিতাবৰৰ এগৰাকী সমাজহিতৈষী বয়োজ্যেষ্ঠ মহিলা গীতাৰাণী শইকীয়াৰ মহানুভৱতাই অঞ্চলটোৰ কেইবাশতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সংকটৰ পৰা যথেষ্ট সকাহ দিয়াৰ লগতে এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ আজীৱন সদস্যা তথা তিতাবৰ মহকুমাৰ এলেঙীৰ নিবাসী গীতাৰাণী শইকীয়াই নিজৰ পেঞ্চনৰ সাচঁতীয়া প্ৰায় পঞ্চাশ হাজাৰোধিক টকাৰে মেলামাতি পঞ্চায়তৰ কেইবাখনো গাঁৱৰ দৰিদ্ৰ পৰিয়ালত চাউল, দাইল, আলুকে ধৰি অত্যাৱশ্যকীয় বিভিন্ন খাদ্যসামগ্ৰী বিতৰণ কৰে।

সমাজহিতৈষী মহিলা গীতাৰাণী শইকীয়াৰ মহানুভৱতা

উল্লেখ্য যে দৈনিক দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মেলামাতি পঞ্চায়তৰ বহু দৰিদ্ৰ পৰিয়াল বৰ্তমান আৰ্থিকভাৱে অতিকৈ জুৰুলা হৈ পৰিছে। গীতাৰাণী শইকীয়াৰ এই পদক্ষেপে আজি পৰিয়ালকেইটাৰ মুখত হাঁহি বিৰিঙিৱাৰ লগতে সকলোৱে সন্তোষ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। পেঞ্চনৰ সাচঁতীয়া টকা কেইটা এনেদৰে সদ ব্যৱসায় কৰিবলৈ পোৱাত গীতাৰাণী শইকীয়াই আনন্দ প্ৰকাশ কৰি কয় যে আজিৰ পৰিস্থিতিত বহু দৰিদ্ৰ পৰিয়াললৈ বিপৰ্যয় নামি আহিছে। উপাৰ্জন পথবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বহুজনে দিনটোত যেনে-তেনে মাত্ৰ এসাজ খায়েই সময় অতিবাহিত কৰিব লগা হৈছে। এইক্ষেত্ৰত এই সকল লোকক সহায় কৰাটো আমাৰ সকলোৰে প্ৰধান কৰ্তব্য হ’ব লাগে । দৰিদ্ৰ জনতাৰ সংকটৰ সময়ত মহানুভৱতাৰ এক নিদৰ্শন দাঙি ধৰা গীতাৰাণী শইকীয়াৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সম্পাদক বাবুল বৰায়ো শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like