নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানুভৱতাঃ সাহিত্য সভাক বঁটাৰ ধন ঘূৰাই দিলে পার্থসাৰথি মহন্তই

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাই শুৱালকুছি অধিৱেশনত বঁটাৰ সৈতে আগবঢ়োৱা ধন সাহিত্য সভাক ওভতাই দিলে আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই৷ ধনখিনি সাহিত্য সভাৰ কামত খটুৱাবলৈ দিয়া বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷

উল্লেখ্য যে অসম সাহিত্য সভাই শুৱালকুছি অধিৱেশনত যোৱা ২ ফ্রেব্রুৱাৰীত অতুলচন্দ্র বৰুৱা মঞ্চত কামৰূপৰ আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্তক আনন্দ চন্দ্র আগৰৱালা বঁটা প্রদান কৰিছিল৷ বঁটাটোত আৰক্ষী বিষয়াগৰাকীক ফুলাম গমোচা, মানপত্র, শৰাই, জাপিৰ লগতে দহ হাজাৰ টকাৰ চেক এখন প্রদান কৰিছিল৷ আৰক্ষী বিষয়াগৰাকীয়ে সম্বর্ধনাৰ অন্যান্য সামগ্রীখিনি ৰাখি দহ হাজাৰ টকাৰ চেকখন কালি পুৱা অনুষ্ঠিত সাংবাদিকৰ অনুষ্ঠান ‘অৰুণোদয়’ চলি থকাৰ মাজতে অতুল চন্দ্র বৰুৱা মঞ্চত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ হাতত ওভতাই দি উক্ত ধন সাহিত্য সভাৰ কামত খটুৱাবলৈ অনুৰোধ জনায়৷ আৰক্ষী বিষয়াগৰাকীৰ এনে মহৎ কার্যক বিজ্ঞ সমাজে আদৰণি জনাইছে৷

You might also like