মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত “বিশ্ব চাইকেল দিৱস” উদযাপন
নিয়মীয়া বাৰ্তা, ৩জুনঃ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰত চৰকাৰে দেশজুৰি আজাদি কা অমৃত মহোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে ৷ ইয়াৰে অংশ হিচাপে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যান মন্ত্ৰণালয়ে আজিৰ দিনটোত যুৱসকলৰ মাজত ভাতৃত্ববোধ, জাতীয়তাবাদ বিকাশৰ ওপৰিও বিশ্ব পৰিৱেশ সংৰক্ষণ তথা সু-স্বাস্থ্যৰ সজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলীৰ আহ্বান জনাইছিল ৷ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(এন.এচ.এচ) ৰ উদ্যোগত এই চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ পুৱা ৭ বজাত বিশ্ববিদ্যালয়খনৰ এন.এচ.এচ-ৰ প্ৰগ্ৰেম অফিচাৰ ড° অজিত দেৱনাথে আঁতধৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক যুৱ কুমাৰ বড়োৱে ৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই চাইকেলৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি আজাদি কা অমৃত মহোৎসৱৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে ৷ প্ৰসংগক্ৰমে বৰাই সুস্বাস্থ্য আৰু পৰিৱেশ ৰক্ষাৰ বাবে চাইকেল যে এক অপৰিহাৰ্য তাক উদাহৰণসহ ব্যাখ্যা কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো চাইকেল ব্যৱহাৰ কৰি সমাজত এক উদাহৰণ দাঙি ধৰাৰ বাবে আহ্বান জনাই ৷ এই ৰেলীত নগাঁৱৰ আৰক্ষী বিভাগে বিশেষভাৱে সহযোগিতা আগৱঢ়ায় ৷