মহিলাৰ দেহত লুকুৱাই নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহঃ খটখটীত হেৰ’ইনসহ দুই মহিলা আৰক্ষীৰ জালত
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত সময়ত নিশ্ছিদ্র অভিযান অব্যাহত ৰখা কার্বি আংলং জিলাৰ আৰক্ষীয়ে শনিবাৰে পুৱাৰ ভাগত অভিযান চলাই মাৰাত্মক হেৰ’ইন জব্দ কৰাৰ লগতে ড্রাগ্ছ সৰবৰাহৰ সৈতে জডিত দুই মহিলাক আটক কৰিবলৈ সক্ষম হয়৷
ঘটনাৰ বিৱৰণী অনুসৰি, গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে পুৱা খটখটী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত তালাচী অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ মাজতে পুৱা প্রায় ৯.৩০ বজাত ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখে গৈ থকা এএছ–২১চি–৯৩০৬ নম্বৰৰ যাত্রীবাহী আল্ট্র বাছখনত তালাচী চলাই এগৰাকী মহিলাৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৪৭.০১ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত ড্রাগ্ছখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য প্রায় ২ লাখ টকা বুলি আৰক্ষী সূত্রে প্রকাশ৷
আনহাতে, ড্রাগ্ছখিনিৰ সৰবৰাহকাৰী নগাঁও জিলাৰ ৰহা থানাৰ অন্তর্গত মণিপুতু ভকতগাঁও নিৱাসী প্রয়াত হবিজুল হকৰ পত্নী ফাৰহানা বেগম (২৫)ক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধৃত মহিলাগৰাকীৰ দেহত কৌশলেৰে হেৰ’ইনখিনি লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীক দেহত হেৰ’ইনখিনি ভৰাই অনাত সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তর্গত বৰবৰী ৰিজার্ভৰ বাসিন্দা মহম্মদ আছাদুল ইছলামৰ পত্নী ফৰিদা বেগম (২০) নামৰ আন এগৰাকী মহিলাকো ইতিমধ্যে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে আৰক্ষীয়ে ধৃত মহিলা দুগৰাকীৰ জিম্মাৰ পৰা দুটা ম’বাইলৰ লগতে নগদ ১৪,৫০০ টকা জব্দ কৰাৰ উপৰি ধৃত ফৰিদা বেগম সম্পর্কত ড্রাগ্ছ সৰবৰাহকাৰী ফাৰহানা বেগমৰ ননদ বুলি জানিব পৰা গৈছে৷