নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই বি টি আৰৰ নহয় ভৱিষ্যতে বিটিচিৰ চীফ হ’ম’

নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ তামুলপুৰ জিলা ঘোষণা হোৱাৰ পাছত প্রথমবাৰৰ বাবে গোৰেশ্বৰত অনুষ্ঠিত বি পি এফৰ এক দলীয় আলোচনাত অংশগ্রহণ কৰাৰ বাবে উপস্থিত হয় বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী৷ গোৰেশ্বৰত উপস্থিত হৈ হাগ্রামা মহিলাৰীয়ে সাংবাদিকৰ আগত কেহবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ বিজেপিৰ সৈতে বি পি এফৰ মিত্রতা সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বর্তমান বি পি এফৰ কোনো দলৰ সৈতে মিত্রতা হোৱা নাই৷ বিগত বিধানসভা নির্বাচনত বি পি এফে মহাজেজাটৰ অংশীদাৰ আছিল যদিও বর্তমান মহাজেজাটৰ পৰা আঁতৰি অহিছে৷ কিন্তু বি পি এফৰ বিধায়কসকলে যাতে নিজ নিজ সমষ্টিত উন্নয়নমূলক কাম–কাজ কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখিহে মুখ্যমন্ত্রীৰ লগত ব্যক্তিগত আলোচনাত মিলিত হৈছিল৷ সেয়া কোনো ৰাজনৈতিক মিত্রতা নহয় বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইপিনে ৰঞ্জন দৈমাৰী সন্দর্ভতো মন্তব্য আগবঢ়াহ হাগ্রামা মহিলাৰীয়ে কয় যে এয়া প্রমোদ বডো আৰু গোবিন্দ বসুমতাৰীয়েহে জানিব কেনেধৰণৰ শান্তি চুক্তি, আগতে মহ পৃথিৱীৰ কোনো ঠাহতে এনেধৰণৰ শান্তি চুক্তি দেখা নাহ৷ শান্তি চুক্তি স্বাক্ষৰ কৰা কেডাৰক কেতিয়াও জে’লত ৰখাও দেখা নাই৷ লগতে হাগ্রামা মহিলাৰীয়ে কয়– মহ কেতিয়াও বি টি আৰৰ চীফ নহওঁ, ভৱিষ্যতে পুনৰ বিটিচিৰহে চীফ হ’ম৷

You might also like