নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্ৰ’ফাইনেন্স ঋণ সকাহ আঁচনিৰ পৰা বঞ্চিত গোৰেশ্বৰৰবহু হিতাধিকাৰী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ চেক বিভিন্ন প্ৰান্তত প্ৰদান কৰি আহিছে যদিও এই ক্ষেত্ৰত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বহু সংখ্যক হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰি থকাৰ সময়তে বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ বিশেষকৈ গোৰেশ্বৰস্হিত আশীৰ্বাদ মাইক্ৰ’ফাইনেন্স লিমিটেডৰ পৰা ঋণ লৈ নিয়মীয়াকৈ সময়মতে ঋণ পৰিশোধ কৰা বহু হিতাধীকৰীক বৰ্তমানো ২৫হাজাৰ টকাৰ চেক প্ৰদান কৰা নাই। ইয়াকে লৈ বঞ্চিত মহিলাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আশীৰ্বাদ কোম্পানীৰ কৰ্মচাৰীৰ ভূমিকা সন্দেহ জনক বুলি অভিযোগ কৰি বঞ্চিত মহিলসকলে কয় যে গোৰেশ্বৰ কাৰ্যালয়ৰ পৰা ঋণ লৈ সময়মতে ঋণ পৰিশোধ কৰা ১০৮০গৰাকী হিতাধিকাৰীৰ তালিকা পূৰ্বৰ বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা দিয়ে। কিন্ত ইয়াৰে মাত্ৰ ১০৮গৰাকী হিতাধিকাৰীক কাৰোবাক ১০হাজাৰ, কাৰোবাক ৬হাজাৰ আৰু কাৰোবাক ২হাজাৰ টকাৰ চেক প্ৰদান কৰে । ইয়াৰ ভিতৰত গাছবাৰীৰ এটা গোটৰ মাত্ৰ দুগৰাকী সদস্যাক উদগণিমূলক চেক প্ৰদান কৰিয়ে দায়িত্ব সামৰে ।

ইফালে ৰহস্যজনকভাবে এই দুগৰাকী মহিলাক চেক বিতৰণ কৰাৰ পিছত গাছবাৰী অঞ্চলৰ বাকী মহিলা সকলক এই বিষয়ে কবলৈ আশীৰ্বাদৰ কৰ্মচাৰীয়ে মানা কৰিছিল বুলিও অভিযোগ কৰি বৰ্তমানো চেক নোপোৱা একাংশ মহিলাই এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু মন্ত্ৰী অশোক সিংঘাল নেতৃত্বাধীন কমিটিৰ ভুমিকাত অসোন্তষ্টি প্ৰকাশ কৰে ।বঞ্চিত মহিলা কেইগৰাকীয়ে কয়-‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত অসম বিধান সভাৰ নিৰ্বাচনী ভাষণত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ লগতে সময়মতে ঋণ পৰিশোধ কৰা মহিলাসকলক উদগণিমূলকভাবে ২৫হাজাৰ টকাকৈ দিয়াৰ কথা কৈছিল৷ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে সবলীকৰণৰ দিশে আগবাঢ়ি যোৱা মহিলাসকলৰ ক্ষেত্ৰত এই পদক্ষেপ ফলপ্ৰসূ হ’ব বুলি আশা কৰা হৈছিল ৷মহিলাসকলক আৰ্থিক সহায়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখন স্বাধীনতাৰ পাছতে এক বৃহৎ আঁচনি বুলিও গণ্য কৰা হৈছিল । সেই মৰ্মে বিগত বৰ্ষৰ ২৮ নৱেম্বৰৰ পৰা অসমৰ বিভিন্ন জিলাত পৰ্যায় ক্ৰমে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলক সকাহ দিবলৈ অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰাত আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো। কিন্ত বাক্সা জিলা প্ৰশাসনে বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ মাত্ৰ কিছু সংখ্যক মহিলাকহে চেক প্ৰদান কৰি বাকীসকলক বঞ্চিত কৰাত আমি দুখ পাইছো ৷

আনহাতে ঋণ ঘুৰাই নিদিয়া সকলক যদি প্ৰথমে সহায় কৰা হয় তেন্ত দিয়া সকলে ঘুৰাই নিদিয়া হলেই ভাল আছিল বুলি ভাবিব কাৰণে প্ৰথমে সময়মতে ঘুৰাই দিয়া সকলক ২৫হাজাৰ টকাৰ চেক দিয়া হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল । কিন্তু সময়মতে ঋণ ঘুৰাই দিব নোৱাৰা বহুতকে চেক দিয়া হৈছে । এই বিষয়ে হয়তো মুখ্যমন্ত্ৰী জ্ঞাত নহয়।অথচ সময়মতে ঋণ পৰিশোধ কৰাৰ পিছতো আমি উদগণিমূলক সাহায্য নপালো । আমি যে চেক পাম তাৰ কনো নিশ্চয়তা নাই বুলি আশীৰ্বাদৰ কৰ্মচাৰীয়ে আমাক কৈছে ।সেয়ে চৰকাৰে ঘোষণা কৰা অনুসৰি ঋণ ঘুৰাই দিয়া আৰু দিব নোৱৰা সকলোকে সহায় কৰি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনালো । এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো ।’

You might also like