মাজুলীত আছুৰ সত্যাগ্ৰহঃ আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰব ছাত্ৰ সন্থা; আলু পিঁয়াজ ৰ মালা পিন্ধি প্ৰতিবাদ আছুৰ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ মূল্যবৃদ্ধিৰ ফলত সমগ্ৰ অসমৰ জনসাধাৰণৰ ওপৰত মাধমাৰ দিছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ খনে৷ আজি আছুৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই জিলা সদৰ গড়মুৰত সত্যাগ্ৰহেৰে তীব্ৰ পতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্যকুমাৰ ভূঞা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে যিটো সময়ত সমগ্ৰ ৰাজ্যত মুল্যবৃদ্ধিয়ে কোঙা কৰিছে সেই সময়ত শাসক পক্ষৰ মন্ত্ৰী বিধায়কে টুলুঙা মন্তব্য কৰাটো অতি লজ্জাজনক বিষয়৷ অতি শীঘ্ৰে মুল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াতো চৰকাৰৰ দায়িত্ব৷ এই ক্ষেত্ৰত অসম চৰকাৰ, যোগান বিভাগ আৰু যোগান মন্ত্ৰী চূড়ান্তভাৱে বিফল হৈছে৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পেট্ৰ’ল ডিজেলৰ লগতে ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবী জনাইছে৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই চৰকাৰ খনত তীব্ৰ সমালোচনা কৰি চৰকাৰৰ মন্ত্ৰী সকলৰ বিফলতাৰ বাবে আজি পৰিণতি ভোগ কৰিছে সৰ্বসাধাৰণে বুলি ক্ষোভ প্ৰকাশ কৰে৷ মাজুলীৰ এই সত্যাগ্ৰহৰ সমদল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ ভাগেৰে পাৰ হৈ যায়৷ অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, পেট্ৰলিয়াম মন্ত্ৰী গ’বেক, যোগান মন্ত্ৰী অকৰ্মণ্য আদি শ্ল’গানেৰে জিলা সদৰ উত্তাল কৰি তোলে ৷
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড