মাজুলীত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা সন্মিলনৰ জনগোষ্ঠীয় সন্মিলন সম্পন্ন
বাৰেৰহনীয়া সাংস্কৃতিক সমাহাৰেৰে মুখৰ জেংৰাইমুখ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নিজৰ সংস্কৃতি, নিজৰ সমাজ, নিজৰ ধৰ্ম, নিজৰ ভাষা, নিজৰ কৰ্ম হেৰুৱাই পেলালে আমি কোনেও শান্তিত থাকিব নোৱাৰো। এই সকলো খিনি হেৰুৱাই পেলালে আমাৰ বৰ অসমৰ যি ধাৰণা সেই ধাৰণাই আমি এদিন হেৰুৱাই পেলাম। আমাৰ মহাপুৰুষ দুজনাই আন ধৰ্ম, ভাষা সংস্কৃতি, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰ বাৰ্তা জীয়াই ৰখা কথা হে কৈ গৈছৈ। অসমীয়া জাতি এডাল ফুলৰ মালাৰ দৰে। এই মালাদালত আহোম, চুতীয়া, মিচিং, দেউৰী, বড়ো, গোসাই, ব্ৰাহ্মণ, কেউত, কলিতা, কছাৰী, ৰাভা, তিৱাকে ধৰি অসমৰ প্ৰতিতো জাতি জনগোষ্ঠীক লৈ অসমীয়া জাতি গঠন হৈছে। অসমীয়া জাতিত কোন জাতি উচ্চ ,কোন জাতি নিম্ন, কোন জাতি কোন সম্প্ৰদায়ৰ সেই কথা উল্লেখ নাথাকে। অসমীয়া জাতিত সকলো সমান। একে স্থানত বৰ্তী থাকিব পৰা অধিকাৰ অসমীয়া জাতিৰ আছে।
আজি জেংৰাইমূখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে মাজুলী জিলা ভিত্তিক জনগোষ্ঠিয় সন্মিলনত এইদৰে কয় মাজুলীৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে। এই গুৰুত্ব পূৰ্ণ সভাখনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱগোস্বামীয়ে কয় যে- যেতিয়াই সনাতন ধৰ্ম সংস্কৃতিৰ ওপৰত অশুভ অপ-সংস্কৃতিয়ে গ্ৰাস কৰা চেষ্ঠা কৰে তেতিয়াই এজন এজন সাধু সন্তৰ জন্ম হয় আৰু তেখেতেই ধৰ্ম সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে অসমীয়া বা হিন্দু সংস্কৃতিৰ হৈ কাম কৰি অহা আমি পূৰ্বৰ পৰাই দেখি আহিছো।
সত্ৰীয়া সংস্কৃতিৰ তথা জাতি জনগোষ্ঠীৰ প্ৰাণকেন্দ্ৰ মাজুলীত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বাবে আমি ২০১২ চনৰ পৰাই কাম কৰি আহিছো। আৰু আজি এই জনগোষ্ঠীয় সন্মিলন খনে আমাক এক সুকিয়া সাহস আৰু প্ৰেৰনা যোগালে বুলি মন্তব্য কৰাৰ লগতে মাজুলীৰ খ্ৰীষ্টান আগ্ৰাসনক লৈ সৰব হোৱা পৰিলক্ষিত হয় সত্ৰাধিকাৰ জন৷ জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চই জনজাতি ধৰ্মান্তকণৰ আভ্যন্তৰীণ দিশ সমূহত মনোনিবেশ কৰি জনজাতীয় সনাতন ধৰ্ম-সংস্কৃতিৰ সাংবাধিনিক সুৰক্ষাৰ বাবে এলানি সৰ্ব ভাৰতীয় সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰাৰ অংশ স্বৰূপে মাজুলী জিলা জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চই অহা জেংৰাইমূখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে মাজুলী জিলা ভিত্তিক জনগোষ্ঠিয় সন্মিলনৰ আয়োজন কৰা সন্মিলন খনত ভাষণ প্ৰদান কৰি বিশিষ্ট সমাজকৰ্মী হেমচন্দ্ৰ দলেই কয় সৰলমানা জনজাতি ভাতৃসকল খ্ৰীষ্ট আৰু ইছলাম ধৰ্মীয় লোকৰ প্ৰৰোচনাত পৰি নিজা ধৰ্ম, কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি ধৰ্মান্তৰিত হোৱা এটা প্ৰৱণতা দেখা গৈছে। আগ্ৰাসনবাদী ধৰ্মীয় চক্ৰান্তৰ বলি হৈ ধৰ্মান্তৰিত হোৱা জনজাতি লোকসকলে আমাৰ জাউতিজুগীয়া সনাতন ধৰ্ম-সংস্কৃতিক হেয় প্ৰতিপন্ন কৰা পৰিলক্ষিত হৈছে। কেৱল সেয়াই নহয় ই হিন্দু সভ্যতা, ধৰ্ম-সংস্কৃতিৰ উপৰিও সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ভাৱে দেশখনকে দূৰ্বল কৰি বিস্তাৰবাদী নীতি গ্ৰহণ কৰাৰ অভিসন্ধি নুই কৰিব নোৱাৰি। সুদুৰৰ বিদেশী ধৰ্ম প্ৰচাৰক সকলে আমাৰ হুজা দুখীয়া-নিচলা ভাই-ভনীসকলক প্ৰৰোচনামূলক ভাৱে নিজ ধৰ্ম ত্যাগ কৰি বিদেশী ধৰ্ম গ্ৰহণ কৰিবলৈ উদগনি যোগাই আহিছে বুলি ভাষনত উল্লেখ কৰি দলেই কয় এইসকলে কেৱল নিজৰ ধৰ্মীয় মিছনেৰী কোষৰ অনুদানেৰেই নহয় ভাৰত সংখ্যালঘূ উন্নয়ন কোষৰ পৰাও আৰ্থিক সাহাৰ্য গ্ৰহণ কৰি ধৰ্মান্তৰিত সকলক আৰ্থিক অনুদান প্ৰদানেৰে প্ৰলোভিত কৰি তেওঁলোকৰ ধৰ্মৰ জাল বহল কৰি পেলাইছে।
ইফালে এই গ্ৰাম্ভিৰ্যপূৰ্ণ জনগোষ্ঠীয় সন্মিলন খনত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ( আৰ এছ এছ) প্ৰান্তীয় প্ৰচাৰক নৃপেন বৰ্মনে ভাৰতীয় সনাতনী ঐতিহ্য – পৰম্পৰাৰ কথা বিস্তৃত ভাৱে উল্লেখ কৰাৰ লগতে ধৰ্মান্তৰিত হৈ থকা দিশ সমুহৰ ওপৰত মন্তব্য কৰি কয় যে এই কাৰ্য জনগোষ্ঠীয় লোক সকলক সংখ্যালঘূত পৰিণত কৰাৰ এক অভিসন্ধি চলিছে , জনগোষ্ঠীয় সত্বাক হত্যা কৰাৰ এক পৰিকল্পিত গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে । এনে কাৰ্য আমাৰ বাবে কোনোপধ্যে সহনীয় নহয়। আমি আমাৰ নিজা ধৰ্ম-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ সংকল্প গ্ৰহণ কৰিবই লাগিব বুলি উল্লেখ কৰি কয় যে অসমত ৩ কোটি ১২ লাখ হিন্দুৰ বিপৰিতে ৩৪.২২ শতাংশ মুছলমান আৰু ৩.৭৪ শতাংশ খ্ৰীষ্টান লোক আছে ২০১১ বৰ্ষৰ সমীক্ষা মতে। অসম ৰাজ্যৰ ২০২১-২২ চনত প্ৰকাশ হ’বলগীয়া জনসংখ্যা সূচীত এই সংখ্যা সৰ্বাধিক বৃদ্ধি হৈ মুছলমান ৪০ শতাংশ খ্ৰীষ্টান ৫ শতাংশ হোৱাৰ আশংকা কেতিয়াও নুই কৰিব নোৱাৰি বুলি কয় । সভাখনত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি কটন বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জ্ঞানেন্দ্ৰ বৰ্মনে খ্ৰীষ্টানে কৰি অহা ধমান্তৰ কৰা কৰ্যৰ ক্ষেত্ৰত কয় যে ধৰ্মান্তৰকৰন , ধৰ্মীয় হিংসাত প্ৰবিত্ত হৈছে একংশ মিছনেৰী ৷ যি কাৰ্য অসমীয়া সমাজ জীৱনৰ বাবে শুভলক্ষণ নহয় ৷ মাজুলীত খ্ৰীষ্টান মিছনেৰী সকলে যি দৰে ধমান্তৰিত কৰনত ব্যস্ত হৈছে এই কাৰ্যক উফৰাই পেলাবলৈ আজি উলাই আহিছে এই জনগোষ্ঠীয় লোক সকল ৷
বৰ্মনে ভাৰতীয় সংবিধানৰ বহুকেইটা দিশ উনুকিয়াই কয় ভাৰতীয় সংবিধানৰ ২ ক ৩৪২ ৰ ২ নং দফা অনুসৰি কোনো ব্যক্তিয়ে যদি নিজৰ জনজাতীয় ধৰ্ম-সংস্কৃতি বিশ্বাস আদি ত্যাগ কৰি খ্ৰীষ্ট ধৰ্ম বা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয় তেতিয়াহলে সেই ব্যক্তিজনে অনুসূচীত জনজাতিৰ মৰ্যদা বা সদস্য হিচাপে বিবেচিত নহ’ব । সেই সূত্ৰেই ধৰ্মান্তৰিত জনজাতীয় লোকসকলক জনজাতিৰ বাবে সংৰক্ষিত সুবিধা সমূহ ভোগ কৰাৰ পৰা আইনগত ভাৱে বঞ্চিত কৰাৰ ব্যৱস্থা কৰিবই লাগিব। আগন্তক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা সংসদ অধিৱেশনত ধৰ্মন্তৰ বিৰোধী বিল আনি অসম চৰকাৰৰ সহযোগিতাত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই ভাৰত চৰকাৰক প্ৰস্তাৱৰ যোগেদি ন্যায্য দাবী প্ৰদান কৰাৰ কথা উল্লেখ কৰে । আজিৰ এই গ্ৰাম্ভিৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে সমাজ কৰ্মী তথা জনগোষ্ঠীয় সন্মিলন অভ্যৰ্থনা সমিতিৰ সম্পাদক বিতুপন দলেই ৷ আদৰনী ভাষন প্ৰদান কৰে সমিতিৰ সভাপতি ড° নৱ কুমাৰ পেগুৱে ৷ সভাখনত বিষ্ণু দাসৰ লোকগীত , ঐইনিতম শিল্পী বিনুদ বাই পেগু , মিছিং , দেউৰী আৰু সোনোৱাল কছাৰী লোকনৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷