নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত জনজাতীয় মহিলাৰ মৎস্য চিকাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ আঘোনৰ পথাৰত সোণগুটি চপোৱাৰ মাজতে মাজুলীত জনগোষ্ঠীয় মহিলাই জাকৈ, চালনি লৈ মৎস্য চিকাৰত ব্যস্ত হৈ পৰিছে। যিহেতু কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিদৰা দাই ঘৰলৈ আনিবলৈ আঘোণ মাহত গঞা ৰাইজ ভীষণ ব্যস্ত হৈ পৰে পথাৰৰ সোণগুটি চাপোৱাত। তাৰ মাজতে জিলাখনৰ খাল, বিল, পুখুৰীত মহিলাসকলে মৎস্য চিকাৰ কৰা নান্দনিক দৃশ্যই বিৰাজ কৰিছে। আঘোণৰ ধান চপোৱাৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই জনজাতীয় অঞ্চল সমূহৰ চুবুৰীয়া পুৰুষ-মহিলাই সমজুৱাকৈ মাছ ধৰাত ব্যস্ত। হাতত পল, জাল, আঠোৱা, খালৈ লৈ আননন্দময় পৰিবেশেৰ মাজত মাছধৰা আনন্দই চহা গ্ৰাম্য সমাজত এক সুকীয়া মাদকতা প্ৰকাশ কৰে। মুঠৰ ওপৰত দৈনন্দিন ব্যস্ততাৰ মাজতো গ্ৰাম্যাঞ্চলত এই সময়চোৱাত বৰালি, পুথি-খলিহনা, শ’ল-শাল, গৰৈ-মাগুৰ ধৰাত সকলোকে ব্যস্ত দেখিবলৈ পোৱা যায়।

ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like