নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ‘নেমু’

শিৱসাগৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া ৰূপম দে ওৰফে ‘নেমু’। বহুদিন ধৰি শিৱসাগৰত এখন ড্ৰাগছৰ বৃহৎ বজাৰ সৃষ্টি কৰিবলৈ উঠি-পৰি লগা নেমুৰ পৰা বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছ উদ্ধাৰ হয়।

নগৰ উপ-পৰিদৰ্শক দেৱাশিস শৰ্মাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা টাউনৰ সমীপৰ ন-মাটি অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ মাফিয়া নেমুক ৷ নগৰ উপ-পৰিদৰ্শকগৰাকীৰ নেতৃত্বত ৬ জনীয়া এটা অসামৰিক পোছাকত যোৱা আৰক্ষীৰ দলে এই অভিযান চলাইছিল। প্ৰায় ১০ কিঃমিঃকৈও অধিক দূৰত্ব অসামৰিক পোছাকত থকা আৰক্ষীয়ে খেদি খেদি কুখ্যাত ড্ৰাগছ মাফিয়াটোক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে মাফিয়াটোৰ জিম্মাৰ পৰা পাঁচটা ড্ৰাগছভৰ্তি গল্ডেন টেমা, এটা আইফোন, এটা ১৩ প্ৰ’মেস্ক মবাইল ফোন আৰু কিছু নগদ ধন জব্দ কৰে। জব্দকৃত ড্ৰাগছৰ ওজন হ’ল ৪৯ দশমিক ৮৩ গ্ৰাম৷ পূৰ্বেও ড্ৰাগছৰ গোচৰত কেইবাবাৰো কাৰাগাৰলৈ গৈছিল ৰূপম দে ওৰফে নেমু৷

উল্লেখ্য যে আৰক্ষীৰ চকুত ধূলি দি সদৰ থানাৰ সমীপৰ থানামুখ শান্তিবন আশ্ৰমৰ সন্মুখত চলাই আহিছিল এই মাৰাত্মক ড্ৰাগছৰ বেহা। পুৰ্বতে ড্ৰাগছৰ গোচৰত ৰূপম দে ওৰফে নেমুৰ পত্নীও জেললৈ গৈছিল। কালিৰ অভিযানৰ পিছতেই নাজিৰা ন-মাটিত  অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়িদুল ইছলামৰ লগতে নাজিৰা সম-জিলাৰ আৰক্ষী প্ৰশাসনৰ দলো উপস্থিত হয়গৈ। নৱপ্ৰজন্মৰ লগতে অজস্ৰ পৰিয়ালক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নেমু আৰক্ষীৰ জালত পৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

You might also like