নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত জিলা প্ৰশাসনৰ কেন্দ্ৰীয় পৰিবেশ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ,৫ জুন: মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী জিলা বন বিভাগ আৰু উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত বিশ্ব পৰিবেশ দিৱস দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে। এই উপলক্ষে ৪ জুন তাৰিখে ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোষ্টাৰ ড্ৰয়িং আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।আজি মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা মাজুলীৰ বিধায়ক ভুৱন গাম ,মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত ,মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰা,মাজুলী জিলা বন সংমণ্ডল প্ৰাধিকাৰী জয়ৰাম বৰুৱা,সামাজিক বনানিকৰণৰ ৰেঞ্জাৰ শান্তনু পাটোৱাৰী আৰু উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই একোটাকৈ গছপুলি ৰুই কাৰ্যসূচী শুভাৰম্ভ কৰে।ইয়াৰ পাছতে সজাগতা সভাখন অসম সংগীতেৰে আৰম্ভ কৰে।আদৰণি ভাষণ প্ৰদান কৰে মাজুলী বন সংগমণ্ডল প্ৰাধিকাৰী জয়ৰাম বৰুৱাই । ,মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰে ক্ৰমে বিধায়ক ভুৱন গাম ,জিলা উপায়ুক্ত পুলক মহন্তই ।সভাখনত উপস্থিত থাকি আৰক্ষী অধীক্ষক গৌতম বৰা ,ৰেঞ্জাৰ শান্তনু পাটোৱাৰী ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ,জিলা শিক্ষা বিষয়া । পৰিবেশ দিৱসৰ ওপৰত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দৃশ্য শ্ৰাব্য মাধ্যমত বক্তৃতা প্ৰদান কৰে সমল শিক্ষক সুনিল বৰাই।সভাখনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বৰগীত আৰু সত্ৰীয়া নৃত্য প্রদর্শন কৰাৰ লগতে তুলিকা শইকীয়াৰ গীতে সকলোকে মুগ্ধ কৰে।শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই।খণ্ড বন বিষয়া অতুল দাসে সমগ্র কাৰ্যসূচী চোৱাচিতা কৰে।কালি হৈ যোৱা পোষ্টাৰ দ্ৰঙিং প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অৰিন্দম বৰুৱা,দ্বিতীয় স্থান প্ৰাপ্ত মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঋতুপন ভূঞা,তৃতীয় স্থান প্ৰাপ্ত কমলাবাৰী বিবেকানন্দ বিদ্যালয়ৰ অভিলাস দত্ত নিচুকনি বঁটা লাভ কৰা গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ মাধুৰ্য কলিতাৰ লগতে কুইজ প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত কঢ়াল গাঁও বাপুজি উচ্চমাধ্যমিক বিদ্যালয়ৰ নৰেন্দ্ৰ শইকীয়া আৰু ধৰিত্ৰী শৰ্মা,দ্বিতীয় স্থানত আইলেণ্ড একাডেমিৰ মানস প্ৰতিম শইকীয়া আৰু নবাৰুণ বৰুৱা,তৃতীয় স্থান প্ৰাপ্ত বনগাওঁ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ কৰনদ্বীপ বৰা আৰু উদ্ধব শইকীয়া , নিচুকনি বঁটা লাভ কৰা জোনাকী জাতীয় বিদ্যালয়ৰ হিৰক জ্যোতি শইকীয়া আৰু আশাপ্ৰিয়া কলিতাক মানপত্ৰ গছপুলি আৰু কিতাপৰে পুৰস্কৃত কৰে।পোষ্টাৰ দ্ৰঙিং প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে প্ৰদীপ শৰ্মা ,লোহিত শইকীয়া আৰু সত্যজিৎ হাজৰিকাই পৰিচালনা কৰে।কুইজ মাষ্টাৰ হিচাপে কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ধ্ৰুৱ জ্যোতি ওজাই।দুই দিনৰ সমগ্ৰ কাৰ্যসূচী আঁত ধৰি পৰিচালনা কৰে উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই। আনহাতে
অসম সাহিত্য সভাৰ নিৰ্দেশমৰ্মে মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় | পুৱা ৯ বজাত কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাঙ্গনত গছপুলি ৰোপণৰ শুভাৰম্ভণি কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই | গছপুলি ৰোপণ্ কাৰ্যসূচীত অক্ষয়গোষ্ঠী স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি সমীৰণ গোস্বামীৰ নেতৃত্বত অহা দলটোৱে সহযোগিতা আগবঢ়ায় | ইয়াৰ পিছতেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক সভাত সভাপতিত্ব কৰে কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি লীলা বৰাই | সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে | সভাত ক্ৰমে- মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা, কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন শইকীয়া , বিজ্ঞান শিক্ষক জীৱন শইকীয়া, বিদ্যালয়ৰ ছাত্ৰী নিশা দলে আৰু ছাত্ৰ লাকী গামে বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে সজাগতামূলক বক্তব্য প্ৰদান কৰে | সভাত ক্ৰমে- বিষয় শিক্ষক অতুল হাজৰিকা, পম্পী হাজৰিকা ,গীতাঞ্জলী বৰা, মৃন্ময় হাজৰিকা, নিখিল চাহা প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে | সভাপতিৰ মন্তব্যৰ পিছতেই শলাগৰ শৰাই আগবঢ়ায় প্ৰধান শিক্ষক যোগেন শইকীয়াই | শেষত জাতীয় সংগীত পৰিৱেশনেৰে সভাভংগ ঘোষাণা কৰে | মাজুলী জিলা সাহিত্য সভাৰ উপ সভাপতি প্ৰফুল্ল বৰুৱা, ধনভঁৰালী গুণেশ্বৰ গায়ন আৰু জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহেও নিজ নিজ এলেকাত গছপুলি ৰোপণ্ কাৰ্যসূচী সম্পন্ন কৰে | ইফালে জেংৰাইমুখ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচনি ( NSS) আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস পালন |মাজুলীৰ আগশাৰী শিক্ষানুষ্ঠান জেংৰাইমুখ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচনি (NSS) আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় | প্ৰথম কাৰ্যসূচী হিচাপে মহাবিদ্যালয় চৌহদত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ সহযোগত গছ পুলি ৰোপন কৰা হয় | দ্বিতীয় কাৰ্যসূচী হিচাপে এটি ৰেলি জেংৰাই বৰপমুৱা হৈ ৰেগাম উচ্চ মাধ্যমিক বিদ্যালয়ত সমূহ শিক্ষক ছাত্র ছাত্রীৰ উপস্থিতিত এখনি সজাগতা সভা অনুষ্ঠিত হয় | ৰাষ্ট্ৰীয় সেৱা আচনি গোটৰ কাৰ্যক্ৰম বিষয়া বিনোদ দাসে আঁত ধৰা সজাগতা সভা খনিত বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু মানৱ সমাজৰ কৰনীয় বিষয়ত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে জেৰাইমুখ মহাবিদ্যালয়ৰ প্ৰসাশনিক বিষয়া প্ৰফুল্ল নাথে | পিচত জেংৰাইমুখ তিনি আলিত ৰিগ’ব আৰু মাজুলী মিউজিকেল ফেষ্টিভলৰ সহযোগত সজাগতা সভা আৰু গছ পুলি বিতৰণ কৰা হয় | শেষত অনুষ্ঠানটিত অংশ গ্ৰহন কৰা সকলোকে শলাগ লয় উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা বৰষা তামুলীয়ে | আনফালে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উদ্যোগতো মাজুলীৰ পাঁচটাকৈ ৰাজহুৱা স্থানত কুৰিৰো অধিক গছ পুলি ৰূপন কৰি প্ৰকৃতি সজাগতাৰ কাৰ্যসূচী ৰূপায়ন কৰা বুলি মাজুলীৰ সভাপতি বিতুপণ দলেই আমাক জানিবলৈ দিয়ে ৷ আনহাতে
শ্ৰী শ্ৰী দক্ষিণপাট গৃহশ্ৰামী সত্ৰস্থিত উজনি অসমৰ একমাত্ৰ ৱেদ পাঠশালা; শ্ৰী শ্ৰী ৰমানন্দদেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাত বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচী পালন কৰা হয়। পুৱা ৮ বজাৰ প্ৰাতঃস্মৰণ , সূৰ্য্যপ্ৰনামেৰে ৱেদ বিদ্যালয়ৰ ছাত্ৰ, পণ্ডিত, আৰ্চায্য সকলে আৰম্ভ কৰা অনুস্থানটিত পুৱা ৯ বজাত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী শ্ৰী দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত সত্ৰাধিকাৰ গৰাকীয়ে ১৯৭৩ চনৰ ৫ জুনৰ দিনটো “বিশ্ব পৰিৱেশ দিৱস” ৰূপে পালন কৰি অহা হৈছে বুলি উল্লেখ কৰে। আমাৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বজুৰি সজাগতা সৃষ্টিয়েই ইয়াৰ মুল লক্ষ্য। তেখেতে ভাষণ প্ৰসংগত এক বৃক্ষ দশপুত্ৰ সম বুলি কয়।

 

( প্ৰাঞ্জল খাউণ্ড )

You might also like